অসম

assam

ETV Bharat / state

নাওবৈচাত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে বিদ্যুৎ বিল বৰ্জনৰ লগতে শক্তি বিভাগৰ কৰ্মচাৰীক আবদ্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে ।

By

Published : Jun 19, 2020, 9:14 PM IST

Updated : Jun 19, 2020, 9:26 PM IST

PPROTEST AGAINST POWER DEPARTMENT
নাওবৈচাত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নাওবৈচা, 19 জুন: লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বঙালমৰাত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ অঞ্চলটোৰ ক্ষুব্ধ জনতাই হাতে হাতে প্লে'কাৰ্ড লৈ শক্তি বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে শক্তি বিভাগ গ' বেগ,নিয়মীয়া বিদ্যুৎ যোগান ধৰিবই লাগিব,বিদ্যুৎ নিয়মীয়া নহ'লে বিল দিয়া নহ'ব আদি শ্ল'গানেৰে উত্তাল কৰি তোলে বঙালমৰাৰ পৰিৱেশ ।

নাওবৈচাত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলে কিনকিনিয়া বৰষুণতেই দীৰ্ঘসময় বিজুলী কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰে ৷ লগতে অঞ্চলটোত শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে শক্তি বিভাগৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । প্ৰতিবাদসকলে ইয়াৰ পাছতো বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু নিয়মিতভাৱে বিদ্যুৎ যোগান নধৰিলে বিদ্যুৎ বিল বৰ্জনৰ লগতে শক্তি বিভাগৰ কৰ্মচাৰীক আবদ্ধ কৰি ৰখাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক: অহা নিৰ্বাচনত কংগ্ৰেছ হ'ব ডিজিটেলাইজ : আৰ পি শৰ্মা

Last Updated : Jun 19, 2020, 9:26 PM IST

ABOUT THE AUTHOR

...view details