বিহপুৰীয়া,১০ ছেপ্টেম্বৰ :বিশ্বকৰ্মা পূজা সমাগত (Vishwakarma Puja 2022)। পূজালৈ মাজত মাত্ৰ ৬ টা দিন বাকী আছে । সকলোৱে উৎসাহেৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে । সমগ্ৰ ৰাজ্যতে চলিছে বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াতো দেখা গৈছে বিশ্বকৰ্মা পূজাক লৈ বিশেষ ব্যস্ততা । বিশেষকৈ মৃৎশিল্পীসকল অধিক ব্যস্ত হোৱা দেখা গৈছে । ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলৰ পৰিয়ালো (Potters busy making idols in Bihpuria)।
ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত ২-৩ বছৰ ধৰি ৰাইজে উলহ-মালহেৰে এই পূজা পালন কৰিব পৰা নাছিল । বিগত বছৰ পৰিৱেশ কিছু সুস্থিৰ হৈছিল যদিও অৰ্থনৈতিক অৱস্থাৰ বাবে ৰাইজে ব্যাপকভাৱে বিশ্বকৰ্মা পূজা পালন কৰিব পৰা নাছিল । অৱশ্যে এইবাৰ ক'ভিডৰ পৰিৱেশো নাই (Covid situation)। সেয়ে ৰাইজে অধিক আগ্ৰহেৰে পূজালৈ বাট চাই আছে ।
সমান্তৰলাকৈ পৰিৱেশ সুস্থিৰ হোৱাৰ বাবে মৃৎশিল্পীসকলো আনন্দিত হৈছে । কিয়নো বিগত বছৰ কেইটাত বৃহৎ লোকচানৰ সন্মুখীন হৈছিল মৃৎশিল্পীসকল । এইবাৰ অৱশ্যে তেওঁলোকে আগতীয়াকৈয়ে ৰাইজৰ পৰা সঁহাৰি লাভ কৰিছে ।