লখিমপুৰ, 5 ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ দুৰাৱস্থা৷ প্ৰায় জহি খহি গৈছে কাৰ্যালয়টোৰ গৃহ৷ কাৰ্যালয়টো দেখিলে তবধ মানিব সকলো সচেতন নাগৰিকে ৷ কাৰ্যালয়ৰ গৃহটোত নাই দুৱাৰ খিৰিকী, বহাত আহিলেই খহি পৰে ওপৰৰ চিলিং ৷ বতাহ বৰষুণ আহিলে কাম বন এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিব লাগে সকলো কৰ্মচাৰীয়ে ।
জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়
শোচনীয় অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয় ৷ বতাহ বৰষুণ আহিলে নিৰাপদ স্থানলৈ ঢাপলি মেলিব লাগে বিভাগটোৰ সকলো কৰ্মচাৰী ৷ নৱপ্ৰজন্মৰ কৰ্মচাৰী নিযুক্তিৰ পূৰ্বে কাৰ্যালয়টো মেৰামতি কৰিবলৈ আহ্বান কৰ্মচাৰীসকলৰ ৷
জৰাজীৰ্ণ অৱস্থাত লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়
উল্লেখ্য যে, কিছুদিন পাচতে ৰাজ্যত নিযুক্তি লাভ কৰিব জলসিঞ্চন বিভাগৰ নতুন কৰ্মচাৰীয়ে । কিন্তু অতিকৈ শোচনীয় অৱস্থাত আছে লখিমপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়টো৷ যাৰ বাবে বিভাগীয় মন্ত্ৰীক নৱপ্ৰজন্মৰ কৰ্মচাৰী নিযুক্তিৰ পূৰ্বে জলসিঞ্চন কাৰ্যালয়টো মেৰামতি কৰিবলৈ আহ্বান জনাই লখিমপুৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলে ৷