ঘূণাসুতি প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ লখিমপুৰ, ২১ মে:লখিমপুৰ জিলাৰ ঘূণাসুতি প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰৰ বিধ্বস্ত ৰূপত ক্ষুব্ধ হৈছে স্থানীয় ৰাইজ (Dilapidated Veterinary Centre in Ghunasuti)। পশু চিকিৎসাৰ নামত ভেঙুচালি কৰা হৈছে বৃহত্তৰ ঘূণাসুতিবাসীক । লখিমপুৰৰ ঐতিহাসিক ঘূণাসুতিত চৰকাৰীভাৱে দশকৰ পাছত দশক ধৰি বঞ্চনা অবহেলা কৰি অহা হৈছে । এই অঞ্চলটো যাতায়াত,শিক্ষা,পানী যোগান,বিদ্যুৎ আদি সকলো দিশতে চৰম অৱহেলিত হৈ আছে । শেহতীয়াকৈ উন্মোচিত হৈছে পশু চিকিৎসাৰ ক্ষেত্রত ঘূণাসুতিবাসীক কৰা চৰম বঞ্চনাৰ নিদর্শন ।
বৃহত্তৰ ঘূণাসুতি অঞ্চলৰ ৰাইজ মূলতঃ কৃষিজীৱী । কৃষি,পশু পালনেই ঘূণাসুতিবাসীৰ মূল জীৱিকা অৰ্জনৰ পথ । কিন্তু চৰকাৰীভাৱে ঘূণাসুতিৰ পশু চিকিৎসাৰ ব্যবস্থা দেখিলে হতবাক হ'ব লাগিব । বৃহত্তৰ ঘূণাসুতি অঞ্চলত থকা একমাত্র পশু চিকিৎসা কেন্দ্রটো স্থাপনৰ দুকুৰি বছৰ উকলি যোৱাৰ পাচতো এবাৰো মেৰামতি হোৱা নাই । মাত্র এজন ক্ষেত্রকৰ্মীৰ বাদে দ্বিতীয়জন কোনো কৰ্মচাৰীও নাই এই চিকিৎসা কেন্দ্রটোত । বৰষুণ দিলেই কেন্দ্রটোৰ ভিতৰত ভৰ্তি হৈ থাকে বৰষুণৰ পানী । ফলত নষ্ট হয় পশু ধনৰ ঔষধ । হাত ধুবলৈও পানী যোগানৰ ব্যৱস্থা নাই চিকিৎসা কেন্দ্ৰটোত ।
১৯৭৮ চনতে স্থাপন কৰা চিকিৎসা কেন্দ্রটোৰ গৃহসমূহ এতিয়া ভূত বাংলোলৈ পৰ্যবসিত হৈছে । চিকিৎসা কেন্দ্ৰত চকীদাৰ নথকাৰ অভিযোগ কৰি শীঘ্ৰে এজন চকীদাৰ নিয়োগ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে । কাৰণ চকীদাৰ নথকা বাবে ক্ষেত্রৰ দায়িত্বত থকা হৰেণ হাজৰিকাই গাঁৱে গাঁৱে পশু চিকিৎসা কৰিবলৈ ওলাই যোৱাৰ সময়ত কেন্দ্রটো বন্ধ হৈ পৰে । যাৰ বাবে ৰাইজে অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয় ।
উল্লেখযোগ্য যে ঘূণাসুতিত একমাত্ৰ পশুধনৰ বাবে পশু চিকিৎসাৰ কেন্দ্ৰস্থল হৈছে এইখন ঘূণাসুতি প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ। গ্ৰামাঞ্চলৰ লোকসকলে পশুপালন, কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগৰ চৰম বঞ্চনা প্ৰতিফলিত হৈছে । পশুধনৰ চিকিৎসাৰ কাৰণে এই চিকিৎসা কেন্দ্ৰৰ অতি কৈ প্ৰয়োজন যদিও দেখিও নেদেখাৰ ভাও জুৰি আছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে । ১৯৭৮ চনতে স্থাপন কৰি আজি পৰ্যন্ত মেৰামতি বা উন্নত ধৰণে গৃহ সমুহ নিৰ্মাণ নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এইখন চৰকাৰে যিমানেই উন্নয়নৰ ঢাক ঢোল বজাওক কিয় আজিও উন্নয়নৰ মুখ দেখা নাই ঘূণাসুতবাসীয়ে ।
লগতে পঢ়ক:Assam student death in IIT Kharagpur: ডিব্ৰুগড়ত উপস্থিত তদন্তকাৰী দল: কবৰৰ পৰা উলিওৱা হ’ব ফাইজানৰ মৃতদেহ