বিহপুৰীয়া, 22 মে' :নাৰায়ণপুৰৰ এটা বিধস্ত পথে জলাকলা খুৱাইছে এখন গাঁৱৰ ৰাইজক । সামান্য এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত বোকা-পানীৰে ভৰি পৰে পথটি । ফলত বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে অঞ্চলটোৰ লোক সকলে।
নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গনকদলনী গাঁও পঞ্চায়তৰ অধীনৰ গেলেকী গাঁও সংযোগী পথটোত স্বাধীনতাৰ ৭ দশকৰ পিছতো শিলগুটিটো বাদেই, নপৰিল এচপৰা মাটিও । শতাধিক পৰিয়ালে বসবাস কৰা গাঁও খনৰ গুৰুত্বপূৰ্ণ পথটোৰ দুৰৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে সকলোৱেই যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে ।
বিধস্ত পথৰ বাবেই অঞ্চলটোৰ ৰাইজে ৰোগীক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এম্বুলেঞ্চ টো বাদেই ৰোগীক ঠেলা অথবা চাইকেলত বহুৱাই এক-ডেৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি গাড়ীত তুলিবগৈ লাগে।