লখিমপুৰ, 17 আগষ্টঃ চাৰিদিন পূৰ্বে নাৰায়ণপুৰত বাঁহৰ দলং ভাঙি মটৰচাইকেলসহ পিচলা নৈত পৰিছিল এগৰাকী বাইক আৰোহীৰ লগতে তেওঁৰ পত্নী ৷ পিচলা নৈৰ ওপৰত কচুৱা উৰিয়ামগুৰি আৰু বৈঠাখনা সংযোগী বাহঁৰ দলং খনত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৷
নাৰায়ণপুৰৰ ৰাইজে নিৰ্মাণ কৰিলে জৰাজীৰ্ণ দলং - নাৰায়ণপুৰ
লখিমপুৰৰ নাৰায়ণপুৰত স্থানীয় বাসিন্দাই গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷ বিগত কিছুদিন পূৰ্বে জৰাজীৰ্ণ দলঙখন ভাঙি এহাল দম্পতী আঘাতপ্ৰাপ্ত হোৱাৰ পাচতে সোমবাৰে পুনৰ নিৰ্মাণ কৰে দলং খন ৷

দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজে এখন স্থায়ী দলঙৰ বাবে চৰকাৰৰকআবেদন-নিবেদন জনাইও সুফল লাভ নকৰাত, জৰাজীৰ্ণ দলঙেৰে অহা-যোৱা কৰিছিল স্থানীয় লোকে ৷ কিন্তু বিগত চাৰিদিন পূৰ্বে একমাত্ৰ বাঁহৰ দলং খনত এহাল দম্পতী দুৰ্ঘটনাত পতিত হোৱাৰ পাচতো প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলত সোমবাৰে পুৱাৰ পৰা দলং নিৰ্মানত উঠি পৰি লাগিল স্থানীয় লোৰ ৷ স্থানীয় বাসিন্দাসকলে গাঁঠিৰ ধন ভাঙি দলং নিৰ্মাণৰ বাবে ওলাই আহে ৷ দলং খনত পূৰ্বে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও, প্ৰাণো হেৰুৱাইছে বুলি জানিবলৈ দিয়ে স্থানীয় বাসিন্দাই ৷ যাৰ বাবে এখন স্থায়ী দলঙৰ অভাৱত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে ৷
লগতে পঢ়কঃবাঁহৰ দলং ভাঙি পিচলা নৈত দম্পতী