অসম

assam

By

Published : May 20, 2019, 12:10 PM IST

ETV Bharat / state

আৰ্থিক দীনতাই বাধা দিব নোৱাৰে ঢকুৱাখনাৰ বিনন্দক !

দৰিদ্ৰ পৰিয়ালৰ সন্তান বিনন্দই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে ৷

আৰ্থিক দীনতাই বাধা দিব নোৱাৰে ঢকুৱাখনাৰ বিনন্দক !

ঢকুৱাখনা , 20 মে': শিক্ষা অথবা সফলতাৰ ক্ষেত্ৰত আৰ্থিক দীনতা কেতিয়াও বাধা হ'ব নোৱাৰে ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ইয়াকে পুনৰ প্ৰমাণ কৰি উজলি উঠিল ঢকুৱাখনাৰ উজনি জালভাৰী বিনন্দ প্ৰতিম দত্ত ৷

আৰ্থিক দীনতাই বাধা দিব নোৱাৰে ঢকুৱাখনাৰ বিনন্দক
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিনন্দই শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংশ্যন লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ গণিতত 100 শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা বিনন্দই উচ্চ গণিত বিষয় পঢ়াৰ প্ৰতি আগ্ৰহী আছিল ৷ খেতি কৰি পৰিয়াল পোহপাল দিয়া বিনন্দৰ পিতৃ ডিম্বেশ্বৰ দত্তই আৰ্থিক দীনতাৰ বাবে এটা কেটাৰিং পাৰ্টিত যোগদান কৰিছিল ৷ ইপিনে আৰ্থিক দীনতাৰ বাবে বিনন্দই পঢ়াৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় ৷ তথাপিও পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাৰ সপোন পিতৃ ডিম্বেশ্বৰ দত্ত আৰু মাতৃ সোণালী দত্তৰ ৷

ABOUT THE AUTHOR

...view details