বিহপুৰীয়া,১৭ আগষ্ট: বিগত ষোল্ল মাহে দৰমৰ্হাৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিস্থান পলিটেকনিকৰ সকলো কৰ্মচাৰী ৷ লকডাউনৰ মাজতো নিস্থাৰে নিজৰ কৰ্তব্য সম্পাদন কৰি অহা এই সকল কৰ্মচাৰীৰ দৰমহা নিয়মীয়াকৰণ আৰু অনাদায় দৰমহা শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীৰে সোমবাৰৰ পৰা আৰম্ভ কৰিছে এক অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী ৷
ৰাজ্যজুৰি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট - শিক্ষাগুৰু
ৰাজ্যজুৰি কাৰিকৰী শিক্ষা প্ৰতিস্থান পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে পালন কৰিছে অনিৰ্দিষ্টকালীন ধৰ্মঘট ৷ বিগত ষোল্ল মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকা এই সকল শিক্ষকে দৰমহা নিয়মীয়াকৰণ আৰু অনাদায় হৈ থকা দৰমহা মুকলি কৰি দিয়াৰ দাবীৰে সোমবাৰৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্সূচী ।
ৰাজ্যজুৰি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাৰায়ণপুৰ স্থিত কাৰিকৰী শিক্ষা প্ৰতিস্থান লখিমপুৰ পলিটেকনিকৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলেওঁ পালন কৰিছে অনিদিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৷
সোমবাৰৰ পৰা হোৱা এইসকল শিক্ষাগুৰুৰ প্ৰতিবাদক চৰকাৰে কি ধৰণে সহাৰি জনায় সেয়া হ'ব লক্ষণীয় ।