অসম

assam

ETV Bharat / state

পলিটেকনিকৰ শিক্ষক সমাজৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

কংগ্ৰেছ চৰকাৰৰ শাসন কালত ৰাজ্যৰ বিভিন্ন জিলাত স্থাপন কৰা পলিটেকনিক শিক্ষানুষ্ঠানৰ উন্নয়নৰ বাবে একোৱেই নকৰিলে বিজেপি চৰকাৰে যাৰ বাবে চাৰিদফীয়া দাবীৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি পলিটেকনিকৰ শিক্ষক সকলে আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৷

By

Published : Aug 26, 2019, 3:54 PM IST

Updated : Aug 26, 2019, 7:13 PM IST

ক্ষোভিত পলিটেকনিক শিক্ষকৰ কৰ্মবিৰতি ঘোষণা

বিহপুৰীয়া, 26 আগষ্টঃ বিগত প্ৰায় ন মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকা পলিটেকনিকৰ শিক্ষক সকলে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৷ শীঘ্ৰে অনাদায় বেতন আদায়, দৰমহা নিয়মীয়াকৰণ,পদ সমূহৰ উন্নীতকৰণ আৰু AICTE ৰ নিৰিখত বেতন আদায়ৰ চাৰিদফীয়া দাবীৰে শিক্ষক সকলে গ্ৰহণ কৰিছে এই কৰ্ম বিৰতিৰ কাৰ্যসূচী যাৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ এঘাৰখনকৈ পলিটেকনিক ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াত থকা পলিটেকনিকৰ শিক্ষক-কৰ্মচাৰী সকলে কৰ্মবিৰতিৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকৰ দাবী সম্বলিত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে ৷

অৱশেষত বঞ্চিত পলিটেকনিকৰ শিক্ষক সমাজে আৰম্ভ কৰিলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

একেদৰে বৰপেটা আৰু নলবাৰীতো পলিটেকনিকৰ শিক্ষক-কৰ্মচাৰী সকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰি তেওঁলোকৰ সমস্যা সমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় ৷

অৱশেষত বঞ্চিত পলিটেকনিকৰ শিক্ষক সমাজে আৰম্ভ কৰিলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

উল্লেখযোগ্য যে,পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালতে ৰাজ্যৰ বিভিন্ন জিলাত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা স্থাপিত পলিটেকনিক সমূহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অৱশেষত বঞ্চিত পলিটেকনিকৰ শিক্ষক সমাজে আৰম্ভ কৰিলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি
Last Updated : Aug 26, 2019, 7:13 PM IST

ABOUT THE AUTHOR

...view details