লখিমপুৰ, 12 জুন:200টকা ঘোচ লৈ শ’লঠেকত পৰিল আৰক্ষী জোৱান ৷ লখিমপুৰত লটিঘটি চাৰিজন আৰক্ষী জোৱানৰ। 200 টকা ঘোচ লোৱাৰ অপৰাধত এজন গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন আৰক্ষী জোৱানক নিলম্বিত কৰে। অন্য দুজন আৰক্ষী কনিষ্টবলক ছাউনীলৈ ঘূৰাই পঠোৱা হয় ৷
সোমবাৰে বিয়লি এখন সংবাদ মেলত এই কথা সদৰী কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ দেউৰীয়ে ৷ সংবাদ মেলখনত তেওঁ জনোৱা মতে দেওবাৰে জিলা খনৰ লালুক থানাৰ অন্তৰ্গত এলেকাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত টহল দিয়া অৱস্থাত তেওঁলোকে এখন গাহৰি কঢ়িয়াই নিয়া গাড়ীৰ পৰা 200 টকা ঘোচ লৈছিল। কিছু সময়ৰ পিচতে এই ঘটনাৰ ভিডিঅ’ এটা ফাদিল হৈ পৰে। লগে লগে তৎপৰ হৈ পৰে জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।
তেওঁ তাৎক্ষণিকভাৱে দলটোত থকা গৃহৰক্ষী জোৱান পূৰ্ণকান্ত নেওগক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে এটা গোচৰ ৰুজু কৰি তেওঁক গ্ৰেপ্তাৰ কৰে। আনহাতে হেড কনিষ্টবল পূৰ্ণকান্ত শইকীয়াক নিলম্বিত কৰে। দলটোত থকা ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ খন্দ্ৰেশ্বৰ বৰুৱা আৰু কনিষ্টবল দুলুমণি কছাৰীৰ বিৰুদ্ধে এক লিখিত অভিযোগ উত্থাপন কৰে ৷
এনেধৰণৰ ঘটনা পুনৰাবৃত্তি হ’লে আৰক্ষী বিভাগে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যবস্থা গ্রহণ কৰিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে। আনহাতে সংবাদ মেলখনত জিলাখনত নকল সোণ, জাল নোটৰ বেহাৰ বিৰুদ্ধে চলি থকা অভিযানৰ সম্পৰ্কেও তেওঁ কিছু কথা সদৰী কৰে। তেওঁ কয় জিলাখনত এই পৰ্যন্ত এনে বেহাৰ লগত জড়িত ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে আটাইকেইটা অভিযুক্তকে জেললৈ প্ৰেৰণ কৰা হৈছে।