লখিমপুৰ,7 জানুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত থকা ৰাজ্যৰ গৃহ বিভাগৰ অন্তৰ্গত এখন আজৱ আৰক্ষী চকী ৷ য'ত অপৰাধীক আটক কৰি ৰাখিবলৈ নাই ল'ক-আপ ৷ আৰক্ষীৰ বাবে নাই উপযুক্ত সা-সুবিধা ৷ আৰক্ষী চকীৰ নামত এটা 80 দশকৰ উৱলি যোৱা ঘৰ ৷ 1988 চনতে স্থাপিত হোৱা এই আৰক্ষী চকীখন হৈছে লখিমপুৰৰ জহিং উপ- আৰক্ষী চকী। লখিমপুৰ নগৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগৰ জহিং চাহ বাগিচাৰ কোৱাৰ্টাৰত থকা এই আৰক্ষী চকীখন যেন জহিং চাহ বাগিচাৰ ৰখিয়াহে । জহিং চাহ বাগিচাৰ ব্ৰিটিছৰ দিনৰে ঘৰ এটা লৈ কোনোমতে চলি আছে আৰক্ষী চকীখন। নাই থকাৰ লগতে খোৱাপানীৰ সু-ব্যৱস্থা । নাই অপৰাধীক আটক কৰি ৰাখিবলৈ লক-আপ ৷
এখন আজৱ আৰক্ষী চকীঃ অপৰাধীক ৰাখিবলৈ নাই ল'ক-আপ - এখন আজৱ আৰক্ষী চকীঃ অপৰাধীক ৰাখিবলৈ নাই ল'ক-আপ
এই আৰক্ষী চকীখনে উদঙাইছে ৰাজ্যৰ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰকৃত স্বৰূপ ৷ জনতাৰ সেৱাৰ নামত দীৰ্ঘদিনে যমৰ যাতনা ভুগিব লগীয়া হৈছে জনহিত-জনসেৱাৰ্থে নিয়োজিত আৰক্ষী চকীখনৰ আৰক্ষীৰ জোৱান সকলে ৷
এই আৰক্ষী চকীখনে উদঙাইছে ৰাজ্যৰ আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰকৃত স্বৰূপ ৷ জনতাৰ সেৱাৰ নামত দীৰ্ঘদিনে যমৰ যাতনা ভুগিব লগীয়া হৈছে জনহিত-জনসেৱাৰ্থে নিয়োজিত আৰক্ষী চকীখনৰ 17 গৰাকীকৈ জোৱানে ৷ 2012 চনতে এই আৰক্ষী চকীৰ বাবে ভূমি আৱন্টন দিয়া হৈছিল যদিও 8 বছৰ ওকলি যোৱাৰ পিছতো আজিলৈকে নিজ ভুমিলৈ স্থানান্তৰ নহ'ল আৰক্ষী চকী খন । অচিৰেই আৰক্ষী চকীখন অন্য এক স্থানলৈ স্থানান্তৰ কৰাৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে আৰক্ষী চকীখনত নিয়োজিত হৈ থকা আৰক্ষীৰ জোৱান সকলে ৷
লগতে পঢ়কঃবিধায়ক হোৱাৰ সপোন দেখা এজন ঝালমূৰীৱালা