লখিমপুৰ,১৪ মে' :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Assam police raid against drugs)। অসম আৰক্ষীয়ে প্ৰতিখন জিলাতে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । তেনে অভিযানৰ মাজতে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Police seized drugs in Lakhimpur)। বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে অভিযান চলায় বান্দৰদেৱাৰ পৰা জব্দ কৰে এই ড্ৰাগছখিনি ।
যোৱা নিশা তৰাজুলিত গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ থকা AS-01-MC-7633 নম্বৰৰ বাছখনত আৰক্ষীয়ে তালাচী চলায় ড্ৰাগছখিনি জব্দ কৰে । লগতে দুজন লোককো আৰক্ষীয়ে আটক কৰে (Drugs smuggler arrested in Lakhimpur)। আটকাধীন লোক কেইজন বান্দৰদেৱাৰ হেমা নেৱাৰ আৰু জিৱাউল আলি বুলি জানিব পৰা গৈছে ।
আৰক্ষী সূত্ৰই জনোৱা মতে নগাঁৱৰ পৰা বান্দৰদেৱাৰ দুই নং পাৰ্ৱতীপুৰত বিক্ৰী কৰিবলৈ লৈ গৈছিল ড্ৰাগছখিনি । কিন্তু বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপন গগৈৰ নেতৃত্বত অভিযানকাৰী দলটোৱে তেওঁলোকক আটক কৰাৰ লগতে ড্ৰাগছখিনি জব্দ কৰে ।