নাওবৈচা,14 মে’ : ৰাজ্যত ক’ভিড সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা নতুন নীতি-নিয়মক লৈ কঠোৰ হৈ পৰিছে নাওবৈচা আৰক্ষী । ক’ভিডৰ দ্বিতীয় লহৰে আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে লখিমপুৰৰ নাওবৈচাত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে ।
বৃহত্তৰ অঞ্চলটোৰ বহু লোকে এতিয়াও ক’ভিড প্ৰট’কল মানি চলা পৰিলক্ষিত হোৱা নাই । অঞ্চলটোত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্ব মানি চলাৰ দৰে চৰকাৰী নিৰ্দেশনা । ইয়াৰ লগতে বহু লোকে মাস্ক পৰিধান নকৰি ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷
ক’ভিডৰ নতুন নীতি-নিয়ম নমনা একাংশ লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নাওবৈচাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ লগতে বিভিন্ন অঞ্চলত কঠোৰ স্থিতি গ্ৰহণ কৰে আৰক্ষীয়ে । নাওবৈচাৰ বিভিন্ন ব্যৱসায়িক কেন্দ্ৰস্থলৰ লগতে গড়ছিগা সাপ্তাহিক বজাৰত ক’ভিডৰ নীতি-নিয়ম নমনাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ।