অসম

assam

ETV Bharat / state

গোচৰ দিবলৈ যোৱা মহিলাক আৰক্ষীৰ অপমানৰ অভিযোগ - জুলেন কলিতা

জনহিত জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষীৰ এজন বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ ৷ ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলেন কলিতাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ৷ কিন্তু কি আছিল এই অভিযোগ ?

গোচৰ দিবলৈ যোৱা মহিলাক আৰক্ষীৰ অপমানৰ অভিযোগ
গোচৰ দিবলৈ যোৱা মহিলাক আৰক্ষীৰ অপমানৰ অভিযোগ

By

Published : Aug 8, 2021, 7:41 AM IST

বিহপুৰীয়া, 8 আগষ্ট : লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষীয়ে গোচৰ দিবলৈ যোৱা মহিলাক কৰিলে অপমান ৷ কেৱল অশ্ৰাব্য গালি-গালাজ পৰাতে ক্ষান্ত নাথাকি ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলেন কলিতাই মহিলাগৰাকীক থানাৰ পৰা গতিয়াই উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷ ইমানতেই ক্ষান্ত নাথাকি মহিলাগৰাকীৰ স্বামীৰ চাকৰি পৰ্যন্ত খাই দিম বুলি ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে জুলেন কলিতাৰ বিৰুদ্ধে ৷

ঘটনাৰ বিৱৰণী মতে, লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী হাৱাজান বকুলগুৰিৰ নিবাসী তথা অসম আৰক্ষীত কৰ্মৰত খগেন দাসৰ পত্নী সাবিত্ৰী দাসক চুবুৰীয়া দ্বীপেন দাস আৰু প্ৰেমলতা দাসে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ দ্বীপেন-প্ৰেমলতাৰ প্ৰহাৰত সাবিত্ৰীয়ে বাওঁচকুত গুৰুতৰভাৱে আঘাত পোৱাৰ উপৰিও দেহৰ বিভিন্ন স্থানত আঘাত পায় ৷ সাবিত্ৰীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰি ধলপুৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত 5 আগষ্টৰ সন্ধিয়া প্ৰায় 6.30 বজাত দ্বীপেন-প্ৰেমলতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

ধলপুৰ আৰক্ষী চকীত গোচৰ দিবলৈ যোৱা মহিলাক আৰক্ষীৰ অপমান

কিন্তু 6 আগষ্টৰ পুৱা সাবিত্ৰীক আৰক্ষী বিষয়াগৰাকীয়ে আৰক্ষী চকীলৈ ফোনযোগে মাতি আনি ন্যায় প্ৰদানৰ বিপৰীতে অশ্ৰাব্য বাক্যবাণ প্ৰয়োগেৰে অপমান কৰে ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে আচম্বিত কাৰ্যৰ বাবে পৰিয়ালটো উপায়বিহীন হৈ সাংবাদিকৰ কাষ চাপিবলৈ বাধ্য হয় ৷

সম্প্ৰতি ঘটনা সন্দৰ্ভত উচিত ন্যায় বিচাৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷ এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াই গোচৰ দিয়াৰ বাবেই এগৰাকী মহিলাক এনেদৰে অপমান কৰা বুলি উত্থাপিত অভিযোগে অধিক শংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক ৷ তদুপৰি আৰক্ষী বিষয়াগৰাকীয়ে নিৰ্যাতনকাৰীদ্বয়ৰ সৈতে বুজাবুজিত মিলিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে ৷

লগতে পঢ়কঃবিশ্বনাথৰ এটা তেল ডিপুত গ্ৰাহকক ভেজাল তেল যোগান ধৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details