লখিমপুৰত জালত পৰিল হাৰিয়ানাৰ চোৰ - LALUK
আৰক্ষীৰ তালাচী অভিযানত লখিমপুৰ জিলাৰ লালুকৰ পৰা গ্ৰেপ্তাৰ হয় এজন চোৰ, চোৰটো হাৰিয়ানাৰ অজয় কুমাৰ ৷

আৰক্ষীৰ তালাচী অভিযানত জালত পৰিল হাৰিয়ানাৰ চোৰ
লখিমপুৰ,২১জুন : শুকুৰবাৰে লখিমপুৰ জিলাৰ লালুকত আৰক্ষীৰ তালাচী অভিযানত জালত পৰে এটা চোৰ । দিল্লীৰ পৰা অৰুণাচললৈ এখন ফৰচুনাৰ বাহন বিক্ৰী কৰিবলৈ অনাৰ সময়তে চোৰটোক হাতে-লোটে কৰায়ত্ত কৰে আৰক্ষীয়ে । অজয় কুমাৰ নামৰ চোৰটোৱে বিহাৰত বাহনখনৰ নম্বৰপ্লেট সলনি কৰি লখিমপুৰ হৈ অৰুণাচললৈ আহি আছিল । ধৃত অজয়ৰ ঘৰ হাৰিয়ানাত । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অজয় কুমাৰৰ তদন্ত অব্যাহত ৰাখিছে ৷
আৰক্ষীৰ তালাচী অভিযানত জালত পৰিল হাৰিয়ানাৰ চোৰ