অসম

assam

ETV Bharat / state

Piyush Hazarika got angry: পুলিচ আমাৰ মতে চলে ডিচিয়ে আমাৰ কথা শুনে; পীযুষ হাজৰিকাৰ হুংকাৰ - Piyush Hazarika got angry

বৃহস্পতিবাৰে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী পীযুষ হাজৰিকাই (DAC election campaign in Lakhimpur)৷ ভাষণ প্ৰদান কৰি থকা অৱস্থাতে জেপিপি দলৰ একাংশ সমৰ্থকে সভা গৃহৰ সন্মুখৰ পথেৰে যাত্ৰা কৰি অৱস্থাত দীঘলীয়াকৈ হৰ্ণ বজোৱাত ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী ৷

DAC election campaign in Lakhimpur
DAC election campaign in Lakhimpur

By

Published : Nov 3, 2022, 9:58 PM IST

বিহপুৰীয়া, 3 নৱেম্বৰ: "চৰকাৰ আমাৰ, পুলিচ আমাৰ মতে চলে, ডিচিয়ে আমাৰ কথা শুনে" ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন নিৰ্বাচনী সভাত অংশ লৈ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ (Pijush Hazarika in Lakhimpur)। অহা ৮ নবেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC election 2022)। উক্ত নিৰ্বাচক কেন্দ্ৰ কৰি বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পাঁচটা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সমষ্টিতে মন্ত্ৰী পীযুষ হাজৰিকাই মাৰাথান প্ৰচাৰ চলাইছে (DAC election campaign in Lakhimpur)।

বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯ নং কিনাপথাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় (Pijush Hazarika in DAC election campaign)৷ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি থকা অৱস্থাতে জেপিপি দলৰ একাংশ সমৰ্থকে সভা গৃহৰ সন্মুখৰ পথেৰে যাত্ৰা কৰি অৱস্থাত দীঘলীয়াকৈ হৰ্ণ বজায় ।

এনে পস্থিতিত অতিষ্ঠ হৈ মন্ত্ৰীগৰাকীয়ে ‘‘চৰকাৰ আমাৰ, পুলিচ আমাৰ মতে চলে, ডিচিয়ে আমাৰ কথা শুনে । আমি ইচ্ছা কৰিলে এতিয়াই জেলত ভৰাই দিব পাৰো, কিন্তু আমি তেনে নকৰো’’ বুলি মন্তব্য কৰে ।

পুলিচ আমাৰ মতে চলে ডিচিয়ে আমাৰ কথা শুনে

লগতে মন্ত্ৰীগৰাকীয়ে তেনে কাম নকৰিবলৈ জেপিপি দলক ৰাজহুৱাভাৱে সকীয়াই দিয়ে । ইফালে মন্ত্ৰীগৰাকীয়ে মিঞা মিউজিয়াম সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰি যি সকল ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী সেইসকলে মিউজিয়াম পাতিলে আমাৰ কোনো আপত্তি নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ।

উল্লেখ্য যে, দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিজৰ দখললৈ অনাৰ বাবে ইতিমধ্যে উঠি পৰি লাগিছে বিজেপি দল ৷ বাঘা বাঘা বিজেপি নেতাই পৰিষদৰ অন্তৰ্গত জিলাসমূহত বাহৰ পাতি জোৰদাৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ বৃহস্পতিবাৰে ৯ নং মাজুলী দেউৰী পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ইনুপ্ৰভা দেউৰীৰ হৈ প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভৱেশ কলিতাই (DAC election campaign in Majuli)। আগন্তুক নিৰ্বাচনত মাজুলী সমষ্টিৰ লগতে আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী গৰাকীয়ে হোৱাতো নিশ্চিত বুলি কয় সভাপতিগৰাকীয়ে ।

তেওঁ কয় যে, ভাৰতৰ সাধাৰণ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আঁকোৱালি লৈছে । ইফালে ভাৰত তথা অসমৰ ৰাইজে কংগ্ৰেছ দলক বিদায় দিয়াৰ কাৰণে এটা ৰাষ্ট্ৰীয় দলৰ অৱস্থা দুৰাৱস্থা হৈছে বুলি কয় নেতাগৰাকীয়ে ।

লগতে পঢ়ক:DAC election 2022: দেউৰী স্বায়ত্ব শাসিত পৰিষদ দখলৰ লক্ষ্যৰে মাজুলীত জয়ন্তমল্ল

ABOUT THE AUTHOR

...view details