অসম

assam

By

Published : Dec 14, 2020, 11:59 AM IST

ETV Bharat / state

নাৰায়ণপুৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণ

নাৰায়ণপুৰ আৰক্ষী থানাৰ সহযোগত নাৰায়ণপুৰৰ ঐতিহাসিক ডেবেৰাপাৰ থান চৌহদত গাঁওৰক্ষী বাহিনীৰ অৰ্ধশতাধিক সদস্যৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ লগতে গছপুলি ৰোপণ ৷ গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক শ্ল'গানেৰে উক্ত কাৰ্যসূচী ৰূপায়ণ ৷

plantation drive at narayanpur in lakhimpur
নাৰায়ণপুৰত আৰক্ষী-গাঁওৰক্ষী বাহিনীৰ পৰিবেশ নিকাকৰণ আৰু গছপুলি ৰোপণ

বিহপুৰীয়া, 14 ডিচেম্বৰ:নাৰায়ণপুৰৰ ঐতিহাসিক ডেবেৰাপাৰ থান চৌহদত নাৰায়ণপুৰ আৰক্ষী থানাৰ সহযোগত গাঁওৰক্ষী বাহিনীৰ অৰ্ধশতাধিক সদস্যই পৰিবেশ নিকাকৰণৰ লগতে গছপুলি ৰোপণ কৰে । নাৰায়ণপুৰ থানা এলেকাৰ 40 টাৰো অধিক গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত ঐতিহাসিক থানখনৰ চৌপাশৰ পৰিবেশ নিকাকৰণৰ পিছতে উন্নত জাতৰ বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে ।

গছ থাকিলেহে মানুহ থাকিব শীৰ্ষক শ্ল'গানেৰে কৰা কাৰ্যসূচীত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ

গছ থাকিলেহে মানুহ থাকিব শ্ল'গানেৰে ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীৰ পিছতে থানা চৌহদতে এখন সজাগতা সভা অনুষ্ঠিত হয় । কাৰ্যসূচীত নাৰায়ণপুৰ থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ বিষয়া ৰাজীৱ দত্ত,সভাপতি প্ৰাঞ্জল বৰা,আৰক্ষী বিষয়া ডিম্বেশ্বৰ বৰুৱা,নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সম্পাদক উপেন হাজৰিকা প্ৰমুখ্যে বহু লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ভগৱানো সাৰি নগ'ল চোৰৰ হাতত : লখিমপুৰত শ্ৰীকৃষ্ণৰ মূৰ্তি চুৰি !

ABOUT THE AUTHOR

...view details