অসম

assam

ETV Bharat / state

Hydropower plant : অৰুণাচলত শতাধিক প্ৰকল্প স্থাপনক লৈ উদ্বিগ্ন লখিমপুৰৰ ৰাইজ

লখিমপুৰবাসীয়ে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প(Hydropower plant)ৰ কুফল ভূগি থকাৰ সময়তে এইবাৰ অৰুণাচল প্ৰদেশত প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে । অৰুণাচল প্ৰদেশ(Arunachal Pradesh)ত ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ যো-জা চলাইছে । অৰুণাচলৰ জলবিদ্যুৎ প্ৰকল্পই ভৱিষ্যতে লখিমপুৰৰ লগতে অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি শংকিত হৈছে ৰাইজে । আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে ।

Planing for Hydroelectric power plants in Arunachal Pradesh
অৰুণাচলত শতাধিক প্ৰকল্প স্থাপনৰ পৰিকল্পনাক লৈ উদ্বিগ্ন লখিমপুৰৰ ৰাইজ

By

Published : Nov 13, 2021, 3:51 PM IST

Updated : Nov 13, 2021, 5:25 PM IST

লখিমপুৰ, ১৩ নৱেম্বৰ: অৰুণাচল প্ৰদেশত ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ প্ৰস্তুতি চলাইছে কেন্দ্রীয় চৰকাৰে(Central Government) । ইতিমধ্যে এই প্ৰকল্প স্থাপনৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত কেতবোৰ কাম সম্পূৰ্ণ কৰা হৈছে । কিন্তু কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে লখিমপুৰ(Lakhimpur)ৰ একাংশ ৰাইজ আৰু দল-সংগঠনে । অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে(AJYCP) প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ।

উল্লেখ্য যে, ৰঙানদী প্ৰকল্পই ইতিমধ্যে লখিমপুৰবাসীক বিপদৰ মাজলৈ ঠেলি দিছে । বাৰিষা কালৰূপ ধৰি লখিমপুৰক বিধ্বস্ত কৰা ৰঙানদীত এতিয়া পানী কমি গৈছে । ৰঙানদী প্ৰকল্পই ৰঙানদী আৰু ডিক্ৰং নদীৰ পাৰিপাৰ্শ্বিকতাক ধ্বংস কৰা পৰিলক্ষিত হৈছে । বিগত ২০০২ চনৰ পৰাই বাৰিষা আৰু খৰালিত এনে ধ্বংসাত্মক দৃশ্যপট সুলভ হৈ আহিছে ।

যাৰ বাবে ৰঙানদী আৰু সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে দীর্ঘদিন ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । কিন্ত চৰকাৰ অথবা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়া নাই ।

ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাক গৌণ বুলি ধৰি লৈ প্ৰকল্প নিৰ্মাণত উঠি-পৰি লাগিছে । এই সমস্যা সমূহে ৰাইজক জুৰুলা কৰি থকাৰ মাজতে পুনৰ অৰুণাচল প্ৰদেশত ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰই যো-জা চলাইছে । দিবাং, কামেং, লোহিত, আদি উপত্যকাত এই প্ৰকল্পসমূহ স্থাপনৰ পৰিকল্পনা কৰা হৈছে ।

এই প্ৰকল্পসমূহৰ কেইবাটাও এচিয়াৰ ভিতৰতে বৃহৎ হ'ব বুলি জানিব পৰা গৈছে । ৪০৫ মেগাৱাটৰ ৰঙানদী প্ৰকল্প(Ranganadi Dam) আৰু নিৰ্মাণ সম্পূর্ণ নোহোৱা সোৱণশিৰি(Subansiri Dam) প্ৰকল্পই ইতিমধ্যে লখিমপুৰক বিধ্বস্ত কৰাৰ সময়তে অসমৰ চুবুৰীয়া ৰাজ্যখনত পুনৰ ১০২ টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ খবৰে অসমৰ বাবেই নহয়, উত্তৰ-পূৱৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে । অৰুণাচলৰ জলবিদ্যুৎ প্ৰকল্পই অসমৰ শিতানত ভৱিষ্যতে কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাক লৈ ৰাইজ শংকিত হৈ পৰিছে ।

লগতে পঢ়ক:উৰিয়ামঘাটত ডাম্পাৰৰ দৌৰাত্ম্য : চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতিবাদ

Last Updated : Nov 13, 2021, 5:25 PM IST

ABOUT THE AUTHOR

...view details