অসম

assam

ETV Bharat / state

লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ - লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ

চাকৰি নিয়মীয়াকৰণৰ দাবীত লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ (PHE employees protest)। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । দাবী পূৰণ নহ'লে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ।

Lakhimpur
লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Jun 16, 2022, 7:29 PM IST

লখিমপুৰ,১৬ জুন :উত্তাল লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় (Protest in front of Lakhimpur DC office)। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনশন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে (PHE employees protest)। এই প্ৰতিবাদত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শতাধিক অবৈতনিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ।

লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে অভিযোগ উত্থাপন কৰা মতে তেওঁলোকক ২০১৪ চনতে ৪ মাহৰ বাবে ২০ হেজাৰকৈ টকা দিছিল USSERৰ কমিটিৰ জৰিয়তে । কিন্তু পাছত সেয়াও বন্ধ হৈ থাকিল । যাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলে প্ৰায় ১০-১২ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কাম কৰি থাকিবলগীয়া হৈছে ।

বিভাগীয় শীর্ষ বিষয়া, বিভাগীয় মন্ত্রীক তেওঁলোকৰ চাকৰি স্থায়ী কৰাৰ বাবে বহুবাৰ আবেদন জনোৱাৰ পাছতো কোনো গুৰুত্ব দিয়া নাই বিভাগে (PHE employees protest demanding job regularization)। আনহাতে তেওঁলোকৰ দাবীসমূহ পূৰণ নোহোৱাৰ বাবেই যোৱা ২ জুনৰ পৰা কৰ্মবিৰতি অব্যাহত ৰাখিছে কৰ্মচাৰীসকলে । কিন্তু চাকৰি নিয়মীয়াকৰণৰ বাবে আজিলৈ কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে ।

যাৰ বাবে এনেদৰে অনশনৰ কাৰ্যসূচী হাতত লৈছে বঞ্চিত কৰ্মচাৰীসকলে । এতিয়াও যদি চৰকাৰে তেওঁলোকৰ দাবী পালন নকৰে তেনেহ'লে আগন্তুক দিনত ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ।

লগতে পঢ়ক :অসমত ঘৰুৱা শ্ৰমিকৰ মজুৰি ঘণ্টাত 35 টকা কৰাৰ দাবী

For All Latest Updates

ABOUT THE AUTHOR

...view details