নাওবৈচা, 8 আগষ্ট :লখিমপুৰ জিলা (Lakhimpur District)ৰ নাওবৈচাৰ বিধানসভা সমষ্টি (Naubaisa Bidhan Sabha Constituency)ৰ ৰঙানদী পঞ্চায়তৰ অন্তৰ্গত পমুৱা খাৱলী এখন অতি পিছপৰা গাঁও । চৌদিশে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ উত্থানৰ মাজতে এই গাঁওখনৰ বাসিন্দাসকল আধুনিকতাৰ পৰা এতিয়াও বহু যোজন দূৰৈত । দেশে স্বাধীনতা লাভ কৰা ৭৪ টা বছৰ অতিক্ৰম কৰাৰ পাছতো গাঁওখনত আজিলৈকে সংযোগ নহ'ল বিদ্যুতৰ ।
নিশা হ'লেই আন্ধাৰত ডুব যায় গাঁওখন। নিশাৰ ভাগত পোহৰৰ বাবে গাঁওখনৰ বাসিন্দাসকলে কেৰাচিনৰ লেম্প, টিপচাকি, মম আদি ব্যৱহাৰ কৰিয়েই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে । বছৰ বছৰ ধৰি গাঁওখনত বিদ্যুৎ সংযোগ কৰিবলৈ বিগত বছৰসমূহত চৰকাৰ তথা জনপ্ৰতিনিধিকৰ লগতে শক্তি বিভাগক আবেদন-নিবেদন কৰি আহিছিল ৷
নাওবৈচাত বিদ্যুৎ বিচাৰি ৰাইজৰ উত্তাল প্ৰতিবাদ কিন্তু দিনৰ পাছত দিন গৈছে যদিও কোনো এখন চৰকাৰেই কাণ সাৰ নিদিলে গাঁওখনৰ উন্নয়নত ৷ ৰহস্যজনকভাৱে আজিলৈকে গাঁওদুখনত সংযোগ নহ’ল বিদ্যুৎ ব্যৱস্থা ৷ চৰকাৰ তথা বিভাগলৈ বাট চাই ভাগৰি পৰা গাঁওখনৰ ৰাইজে অৱশেষত শনিবাৰে বিদ্যুৎ বিচাৰি আন্দোলন কৰিবলৈ বাধ্য হ'ল ।
লগতে পঢ়ক-পশ্চিম গোৱালপাৰাত অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ
বিদ্যুৎ বিভাগৰ ওপৰত ক্ষুদ্ধ হৈ শনিবাৰে গাঁওখনৰ শতাধিক পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহে ৷ বিদ্যুৎ বিভাগ হায় হায়, আমাক বিদ্যুৎ দিব লাগিবই, অসম চৰকাৰ গ'বেক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । তেওঁলোকৰ অভিযোগ একমাত্ৰ নিৰ্বাচনৰ সময়ত হে মনত পৰে গাঁওবাসীলৈ ৷ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে ৰাইজক ৷
ইফালে নাওবৈচা বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ে বিদ্যুৎ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ হৈ থাকিল বুলি ক্ষোভ উজাৰে ৰাইজে ৷ এই উৎকট গৰমৰ দিনত জীৱ যাও যাও হৈছে ৷ কিন্ত ৰাইজৰ সমস্যাক তিলমাত্ৰও গুৰুত্ব নিদিয়ে শক্তি বিভাগে ৷ ৰাইজক সকাহ দিয়াৰ বাবে অতি সোনকালে গাঁওখনত বিদ্যুৎ সংযোগ কৰিবলৈ ৰাইজে দাবী জনায়।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)য়ে যি সময়ত ডিজিটেল ইণ্ডিয়াৰ সপোন দেখিছিল সঁচা ৷ কিন্তু ইয়াৰ বিপৰীতে বহু ৰাজ্যতেই উন্নয়নৰ নামত ফোঁপোলা স্বৰূপ ৷ এচাম লোকে এতিয়াও কোনোধৰণৰ আধুনিকতাৰ পৰশ পোৱা নাই । বছৰ বছৰ ধৰি কোনো এখন চৰকাৰী আঁচনি লাভ কৰা বহু লোকে ৷ ফলত দুৰ্বিহ জীৱন অতিবাহিত কৰি থাকিবলগীয়া হৈছে । অৱশ্যে শক্তি মন্ত্ৰী বিমল বৰা (Power Minister Bimal Bora)ই এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়াই হ'ব লক্ষ্যণীয় ৷
লগতে পঢ়ক-এটা কাৰ্যালায় স্থানান্তৰিত কৰাক কেন্দ্ৰকৰি অৰ্ধ উলংগ প্ৰতিবাদ