বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে সমষ্টিবাসীৰ ক্ষোভ লখিমপুৰ, 30 মাৰ্চ: সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন বিধায়ক ভৰত চন্দ্ৰ নৰহ ৷ অসম বিধানসভাৰ সমষ্টিসমূহৰ অন্যতম এটা সমষ্টি হৈছে লখিমপুৰ জিলাৰ অন্তৰ্গত ১১০ নং নাওবৈচা সমষ্টি ৷ এসময়ত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আছে কংগ্ৰেছৰ ভৰত চন্দ্ৰ নৰহে (Naoboicha Assembly constituency) ৷
কিন্ত শেহতীয়াকৈ সমষ্টি উন্নয়নত পিঠি দিয়া বুলি অভিযোগ তুলি সমষ্টিৰ বিভিন্ন স্থানত বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে ৷ কিছু দিনৰ পূৰ্বে সমষ্টিটোৰ অন্তৰ্গত পাভ বনাঞ্চলত চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ সময়ত উচ্ছেদিতৰ ৰোষত পৰিছিল বিধায়ক ভৰত নৰহ (Bharat Chandra Narah MLA)৷
শেহতীয়াকৈ বাট-পথৰ উন্নয়নত অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সমষ্টিবাসীয়ে ঠায়ে ঠায়ে বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ নাওবৈচা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীৰ নিজৰাপাৰ-কৃষ্ণপুৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক ৷ পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ বুধবাৰে বিধায়কগৰাকীৰ বিৰুদ্ধে পথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ ৷ (Protest Against MLA Bharat Narah)
অকৰ্মণ্য বিধায়ক বুলি অভিহিত কৰি ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে । বিধায়ক গৰাকীয়ে নিৰ্বাচিত হোৱাৰ পাছৰ পৰাই অঞ্চলটোৰ লগতে সমষ্টিটোৰ প্ৰতি অলপো কানসাৰ নিদিয়াৰ বাবে বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত বাট-পথৰ শোচনীয় অৱস্থাই ৰাইজক যাতনা ভোগাইছে বুলি অভিযোগ কৰে ৰাইজে ৷
পথৰ দুৰৱস্থাৰ বাবে বোকাত লুতুৰি-পুতুৰি হৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে শিক্ষার্থী সকল ৷ এই দুৰৱস্থাৰ বাবে বুধবাৰে বিধায়ক ভৰত চন্দ্ৰ নৰহৰ বিৰুদ্ধে এনেদৰে ক্ষোভ উজাৰে ফুলবাৰীৰ নিজৰাপাৰৰ কৃষ্ণপুৰ গাওঁবাসীয়ে ৷
এই অঞ্চলত ভোট বিচাৰি গৈ নৰহে পথ নিৰ্মাণ কৰি দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দি অহাৰ পাছত ৰাইজে আজিলৈকে বিধায়কগৰাকীৰ ছাঁটোকে দেখা নাই বুলি অভিযোগ কৰে ৰাইজে । ফলত বুধবাৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ একাংশ বিষয়ববীয়াসহ ৰাইজ বিধ্বস্ত পথলৈ ওলাই আহি বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷
অঞ্চলটোৰ ৰাইজে পথটোৰ মেৰামতি কৰিবলৈ বিধায়কগৰাকীক বহুবাৰ আবেদন জনোৱাৰ পাছতো কোনো ব্যবস্থা নোলোৱাৰ অভিযোগ ৷ নিৰ্বাচনৰ পাছত এবাৰলৈও বিধায়কগৰাকীয়ে অঞ্চলটোত পদাপৰ্ণ কৰা নাই ৷ পঞ্চায়তেও পথটোৰ দুৰৱস্থা দেখিও নেদেখাৰ ভাও ধৰিছে ৷ সেয়ে ক্ষুদ্ধ ৰাইজে বিধায়ক নৰহ নিৰুদ্দেশ হোৱা বুলি অভিহিত কৰি তেওঁ কত আছে সেই বিষয়ে সমষ্টিবাসীক সন্ধান দিবলৈ আহ্বান জনায় অসমীয়া যুৱ মঞ্চৰ সদস্য সকলে৷
উল্লেখ্যোগ্য যে, বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে অকৰ্মন্যতাৰ অভিযোগ এয়াই প্ৰথম নহয় ৷ কংগ্ৰেছৰ আমোলত লখিমপুৰৰ ১১২ নং ঢকুৱাখনা সমষ্টিৰ পৰা ২৫ বছৰ ধৰি বিধায়কৰূপে নিৰ্বাচিত হৈছে ভৰত নৰহ ৷ এসময়ত ৰাজ্যৰ এগৰাকী মহাপ্ৰতাপী কেবিনেট মন্ত্ৰী হিচাপে পৰিচিত আছিল ভৰত নৰহ ৷ কিন্ত বছৰৰ পাছত বছৰ ধৰি সমষ্টিটো দখল কৰি থাকিলেও সমষ্টিৰ উন্নয়নত তেওঁ চৰম ব্যৰ্থ বুলি সমষ্টি বাসীয়ে ক্ষোভ প্ৰকাশ কৰি আহিছে ৷ আনকি তেওঁৰ কাৰ্যকালত ৰাজ্যৰ ভিতৰতে দুৰ্গম সমষ্টিৰূপে অভিহিত হৈছিল ঢকুৱাখনা সমষ্টি ৷ এনেবোৰ কাৰণতে সমষ্টিবাসীয়ে পৰৱৰ্তী সময়ত তেওঁক প্ৰত্যাখ্যান কৰে ৷ নিৰ্বাচনত পৰাজয় বৰণ কৰা ভৰত নৰহে শেহতীয়া নিৰ্বাচনত গৃহ সমষ্টি ঢকুৱাখনা ত্যাগ কৰি নাওবৈচা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে আৰু বিজয়ী হয় ৷ কিন্ত ঢকুৱাখনাৰ দৰে এতিয়া নাওবৈচা সমষ্টিৰ উন্নয়নতো তেওঁৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি সমষ্টিবাসী ক্ষোভিত হৈ পৰিছে ৷
লগতে পঢ়ক:Meeting in Tinsukia: আগন্তুক বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তিনিচুকীয়াত বৈঠক