বিহপুৰীয়া, 9 জুন :লখিমপুৰ জিলাৰনাৰায়ণপুৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিআলি সন্দিকৈ গাঁৱৰ মাজেৰে বৈ যোৱা দিহিৰী নৈৰ গতিপথ সলনি হোৱাত এতিয়া শংকিত হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । বিগত দিনত নৈ খনৰ বাঢ়নী পানীৰ শ-শ বিঘা কৃষিভূমি বালিৰে পুতি পেলোৱাত এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ । ইফালে বিগত বানত শতাধিক পৰিয়ালৰ ঘৰ-বাৰি বুৰাই পেলোৱাৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে ৰাইজৰ ।
দিহিৰী নৈয়ে বিপদ মাতিছে নাৰায়ণপুৰলৈ
অৰুণাচল পাহাৰৰ পৰা বৈ অহা দিহিৰী নদীয়ে ভয়ংকৰৰূপ লোৱাৰ ফলত নাৰায়ণপুৰৰ ৰাজগড়-ৰঙতি গাঁৱৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে ৷ চৰকাৰলৈ বাট নেচাই খৰস্ৰোতা নদী খন ভেটি গতি সলনি কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে ৰাইজে ৷
উল্লেখ্য যে, নৈখনৰ গতিপথ সলাবলৈ পঞ্চায়ত কৰ্তৃপক্ষৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰিছে ৰাইজে । আগন্তুক বানৰ প্ৰতি লক্ষ্যৰাখি অঞ্চলটোৰ ৰাইজে অৱশেষত চৰকাৰ-প্ৰশাসনলৈ বাট নাচাই নিজা প্ৰচেষ্টাৰে খৰস্ৰোতা নদীখনৰ পূৰ্বৰ গতি ধাৰাৰেই বোৱাই নিয়াৰ চেষ্টা চলাইছে । এই জ্বলন্ত সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড৹ অমীয় কুমাৰ ভূঞাক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়ক-মথাউৰি ভাঙি গহপুৰ নগৰৰ সৈতে বিচ্ছিন্ন কেইবাখনো গাঁও