অসম

assam

By

Published : Apr 19, 2022, 8:28 PM IST

ETV Bharat / state

ৰজাঘৰীয়াৰ বঞ্চনা : হুঁচৰি গাই পোৱা ধনেৰে ৰাইজে বান্ধিলে পথ

গ্ৰাম্য এলেকাৰ উন্নয়নত ৰজাঘৰীয়াৰ বঞ্চনা কোনো নতুন কথা নহয় । উন্নয়নৰ আকাশলংঘী চৰকাৰী শ্লোগানৰ বিপৰীতে গ্ৰাম্য এলেকাৰ ৰাইজে যুগে যুগে যাতনা ভোগ কৰি অহাটো এক চিৰপৰিচিত দৃশ্য পট(Poor Condition of road in Lakhimpur) । বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত গঞা ৰাইজৰ দুৰ্ভোগ চিৰদিনীয়া এটা প্রধান সমস্যা ।

road-repairing-by-villagers
লখিমপুৰত হুঁচৰি গাই ৰাইজ নামিল পথ মেৰামতিত

লখিমপুৰ, ১৯ এপ্রিল : ৰাজ্যত বিজেপি চৰকাৰে এটা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পাচত দ্বিতীয়টো কাৰ্যকালৰো এটা বছৰ প্ৰায় সম্পূৰ্ণ কৰিলে ৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীত বহা চৰকাৰখনে প্ৰতিশ্ৰুতি অনুসাৰে উন্নয়নমূলক কাম-কাজ কৰিছে যদিও চৰকাৰৰ উন্নয়নে ৰাজ্যৰ প্ৰতিটো প্ৰান্তকে যেন চুব পৰা নাই ৷ বৰ্তমানেও ৰাজ্যত এনে বহু ঠাই আছে য’ত বাট-পথ, খোৱাপানী, বিজুলী যোগান আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে জনসাধাৰণ ৷

এই অঞ্চলৰ ৰাইজে বহুবাৰ চৰকাৰক কাবৌ-কাকূতি কৰি আহিছে যদিও, আজিলৈকে কোনো সুফল নোপোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে ৷ তেনে এটা দুৰ্দশাগ্ৰস্ত এলেকা হৈছে লখিমপুৰৰ ঢেকীয়াজুলি বৈষ্ণৱপুৰ(Poor Condition of road in Lakhimpur) । বৈষ্ণৱপুৰৰ ৰাইজে যাতায়াতৰ নামত খাই আহিছে জলা-কলা ।

লখিমপুৰত হুঁচৰি গাই ৰাইজ নামিল পথ মেৰামতিত

কিন্তু এইবাৰ আৰু বহি নাথাকিল ঢেকীয়াজুলি বৈষ্ণৱপুৰবাসী ৰাইজ । হুঁচৰি গাই পোৱা ধনেৰে মেৰামতি কৰিছে অতি ব্যস্ত এছোৱা পথ । লখিমপুৰৰ উত্তৰ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ঢেকীয়াজুলি বৈষ্ণৱপুৰ ৰাজগড়ৰ এই পথচোৱাৰ অৱস্থা তেনেই শোচনীয় ।

বছৰৰ পাছত বছৰ পাৰ হৈ গৈছে যদিও জনপ্ৰতিনিধিৰ চকু নপৰে এই পথচোৱাত । গাঁওবাসীয়ে কৰা আবেদন-নিবেদনো অথলে যোৱা বুলি অভিযোগ কৰিছে ৰাইজে । সেয়েহে, বছৰ-বছৰ ধৰি গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত নপৰা পথটো ৰাইজে হেঁপাহৰ ৰঙালী বিহুত ঘৰে ঘৰে হুঁচৰি গাই পোৱা অৰিহনাৰে মেৰামতি কৰিবলৈ বাধ্য হয়(Villagers Repairing Road in Lakhimpur) ।

অতি পৰিতাপৰ বিষয় যে যিটো সময়ত যিখন চৰকাৰে দেশৰ অলিয়ে-গলিয়ে থকা গাঁওসমূহৰ উন্নয়নৰ কথা চিন্তা কৰি বিজ্ঞাপন প্ৰকাশ কৰি আহিছে সেই সময়তে হুঁচৰি গোৱা অনুদানেৰে পথ মেৰামতি কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে । নামঘৰত টিনপাত লগাবৰ বাবে হুঁচৰি মাৰি পোৱা অনুদানেৰে পথ মেৰামতি কৰিব লগীয়া হোৱাতো অতি পৰিতাপৰ বিষয় ।

এই ক্ষেত্ৰত চৰকাৰ তথা জনপ্ৰতিনিধিৰ প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে । ইমানৰ পাছতো গাঁওখনৰ ৰাইজে গাঁওখনৰ প্ৰতি ৰজাঘৰীয়াৰ সু-দৃষ্টি কামনা কৰিছে । যাতে অতি শীঘ্ৰে চৰকাৰে পথচোৱা সূচল কৰি তোলে ।

লগতে পঢ়ক:পকী পথ নিৰ্মাণৰ নামত ৰাইজক দিলে ৰামঠগন !

ABOUT THE AUTHOR

...view details