অসম

assam

By

Published : Jul 30, 2023, 11:55 AM IST

ETV Bharat / state

Lakhimpur in Poor condition: নাই বাট-পথ; নাই বিদ্যুত ব্যৱস্থা; এনেদৰেই জীৱন পাৰ কৰিছে লখিমপুৰৰ একাংশ ৰাইজে

ৰাজ্যৰ উন্নয়নৰ দুখ লগা ছবি ৷ বিদ্যুৎ যোগানৰ পৰা ৰাস্তা-পদূলিৰ অভাৱত জীয়াতু ভোগাইছে লখিমপুৰৰ একাংশ ৰাইজক ৷

Poor electricity condition in Lakhimpur
লখিমপুৰত উন্নয়নৰ নামত আভূৱা

লখিমপুৰত উন্নয়নৰ নামত আভুৱা

লখিমপুৰ, ৩০ জুলাই:প্ৰতিটো ভাষণতে শাসনাধিষ্ঠিত ৰাজ্যত বিকাশ, উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে উন্মোচিত হৈছে উন্নয়নৰ পঁয়ালগা এখন ছবি ৷উন্নয়নে স্পৰ্শ কৰিব পৰা নাই লখিমপুৰৰ এটা বৃহৎ জনবসতিপূৰ্ণ অঞ্চলক ৷ লখিমপুৰ নগৰৰ দাঁতিতে আছে এই অঞ্চলটো, য’ত ৰাস্তা-পদুলিৰ পৰা আৰম্ভ কৰি বিপদজনকভাৱে বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ কৰা পৰিলক্ষিত হৈছে অঞ্চলটোত ।

লখিমপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগতে অৱস্থিত অঞ্চলটোত বিদ্যুৎ বিভাগৰ গুৰুত্বহীনতাৰ বাবে বাঁহৰ খুটাৰে বিদ্যুৎ সৰবৰাহ কৰা হৈছে । বিদ্যুৎ বিভাগে খুঁটা নিদিয়াৰ ফলত 2 নং শংকৰপুৰকে ধৰি 1 আৰু 2 নং ৰঙাজানক সামৰি থকা বৃহৎ অঞ্চলটোত বাহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰাৰ দৃশ্য সুলভ । স্থান বিশেষে 100/200 মিটাৰ দৈঘ্যৰ পৰা আধা কিলোমিটাৰ পৰ্যন্ত বাহৰ খুঁটাৰে কৰা হৈছে বিদ্যুৎ সংযোগ । কৰবাত আকৌ বিদ্যুৎ পৰিবাহী তাঁৰ পকী খুটাৰ পৰা দীর্ঘদিন ধৰি ওলমি আছে । ৰাইজে বাহৰ ঠেকা লগাই দাঙি ৰাখিবলগীয়া হোৱা পৰিলক্ষিত হৈছে তেনেদৰে ওলমি পৰা তাঁৰ ।

উল্লেখ্য যে, বিপৰ্যস্ত ৰূপত অঞ্চলটোত বিদ্যুৎ সৰবৰাহ কৰা হৈছে যদিও সেয়াও নিয়মীয়া নহয় । এজাক বৰষুণ দিলেই ব্যাহত হয় অঞ্চলটোৰ বিদ্যুৎ সেৱা । কেতিয়াবা তিনি-চাৰিদিন পৰ্যন্ত বিদ্যুতৰ মুখ নেদেখে এই অঞ্চলৰ ৰাইজে । বিদ্যুতৰ এনে জোৰা-টাপলি মৰা ব্যবস্থাৰ ফলত ৰাইজ সমস্যাত জৰ্জৰিত হৈ পৰিছে । বিশেষ কৈ ছাত্র-ছাত্রীসকলে বিদ্যুতৰ অভাৱত পঢ়াৰ ক্ষেত্রত অসুবিধাত ভুগিছে ।

দুৰ্ভাগ্যজনক বিষয় যে, বাট-পথৰ দুৰাৱস্থাৰ বাবে জৰুৰীকালীন সেৱাও অঞ্চলটোত প্ৰৱেশ কৰিব নোৱাৰাত দুৰ্ভোগ ভুগিব লগাত পৰিছে স্থানীয় ৰাইজ । শাসকীয় দলটোৰ নেতা-পালি নেতাই ডিঙিৰ শিৰ ফুলাই উন্নয়ন হোৱা বুলি দাবী কৰি অহাৰ সময়তে এনে বিধ্বস্ত অঞ্চলৰ বাস্তৱ ছবিখনে ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপটো লাজ লগাকৈ উদঙাই দিছে ।

লগতে পঢ়ক :Assam assembly building: অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

ABOUT THE AUTHOR

...view details