অসম

assam

ETV Bharat / state

চৰকাৰী আঁচনিৰ পৰা বঞ্চনা কৰাৰ বিড়ম্বনাত পথলৈ ওলাই প্ৰতিবাদ ৰাইজৰ - Deprived of Govt Schemes

Deprived from Govt Schemes : চৰকাৰীভাৱে চৌদিশে কেৱল উন্নয়নমূলক আঁচনিৰ সফলতাৰ জয়গান। কিন্তু তাৰ বিপৰীতে কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা বুলি এখন গাঁৱৰ ৰাইজৰ প্ৰতিবাদ ৷ এই বিপৰীত প্ৰতিচ্ছবি লখিমপুৰৰ ঘুনাসুঁতিৰ ।

Deprived of Govt Schemes
ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 7:38 PM IST

চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা এখন গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

লখিমপুৰ, 3 জানুৱাৰী : কোনো চৰকাৰী আচনিয়ে স্পৰ্শ কৰা নাই এখন গাঁৱক ৷ ৰাজ্যৰ চৌদিশে কেৱল উন্নয়নমূলক আঁচনিৰ জোৱাৰ ৷ প্ৰায়েই চৰকাৰী উন্নয়নমূলক আঁচনিৰ সফলতাৰ জয়গান ৰজাঘৰৰ ৷ পিছে এনে সময়তো কোনো চৰকাৰী আঁচনিয়েই নোপোৱাৰ অভিযোগ তুলি ৰাইজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীত ছবিও প্ৰকট হৈছে ৷

বুধবাৰে বিয়লি লখিমপুৰৰ ঘুনাসুঁতিত তেনে এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷ দুখীয়া ৰাইজক গাঁৱে গাঁৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে এইখন চৰকাৰে ৷ লখিমপুৰৰ তেনে এখন গাঁৱৰ ৰাইজে আৱাস যোজনাৰ ঘৰ বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন-নিবেদন কৰাৰ পাছতো লাভ কৰিবলৈ সক্ষম হোৱা নাই ঘৰ ৷ ফলত বুধবাৰে বিয়লি লখিমপুৰ জিলাৰ ঘূণাসুঁতিত চৰকাৰী আঁচনিৰ ঘৰ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

ঘুণাসুঁতিৰ 2 নং নাহৰণী গাঁৱৰ ৰাইজে চৰকাৰী ঘৰ নোপোৱাৰ উপৰিও গৰাহখনীয়া প্ৰতিৰোধ নকৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷ গাঁৱৰ ৰাইজ ওলাই আহি চৰকাৰী ঘৰ প্ৰদান কৰক, গৰাহখনীয়া ৰোধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি গৰাহখনীয়াৰ কবলত গাওঁখনৰ ঘৰ-বাৰী নদীত জাহ যোৱাৰ পিছতো অসম চৰকাৰে চৰকাৰী ঘৰ দিয়া নাই ৷ ফলত এইদৰে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

2 নং নাহৰণী গাঁৱৰ ৰাইজে বৃদ্ধ পেন্সন, বিধবা পেন্সন, অৰুণোদয়কে ধৰি কোনো আঁচনি নোপোৱাৰ অভিযোগ তোলে ৷ চৰকাৰী ঘৰৰ বাবে নাম তালিকাভূক্ত হ’লেও পৰৱৰ্তী সময়ত নাম কটা যায় বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷ এটাও চৰকাৰী চাকৰি নথকা আৰু প্ৰতিটো পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলৰ এই গাঁওখনৰ ৰাইজে দিন হাজিৰা কৰি জীবিকা নিৰ্বাহ কৰে যদিও কোনো চৰকাৰী আঁচনিয়ে তেওঁলোকক স্পৰ্শ কৰা নাই ৷ যাৰ বাবে তেওঁলোক পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় ৷ চৰকাৰে যদি অচিৰেই গাঁওখনৰ ৰাইজক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান নকৰে তেন্তে অধিক জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক :পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা

ABOUT THE AUTHOR

...view details