অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত নাওবৈচাৰ বঙালমৰাত মানৱ শৃংখল - অখিল গগৈৰ মুক্তিৰ দাবী

অখিল গগৈৰ মুক্তিৰ দাবীত নাওবৈচাৰ বঙালমৰাত মানৱ শৃংখল । অখিল গগৈৰ মুক্তিৰ দাবীত আমছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷ উত্তাল নাওবৈচাৰ বঙালমৰা ৷

People create human chain and protest at Nowboicha
People create human chain and protest at Nowboicha

By

Published : Jul 21, 2020, 7:27 PM IST

নাওবৈচা, 21 জুলাই : 'কা' আইন বিৰোধী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত নাওবৈচাৰ বঙালমৰাত উত্তাল প্ৰতিবাদ । মঙলবাৰে বঙালমৰাত বৃহত্তৰ বঙালমৰাবাসী ৰাইজে অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।

অখিল গগৈৰ মুক্তিৰ দাবীত নাওবৈচাৰ বঙালমৰাত মানৱ শৃংখল

বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীৰ লগতে সৰ্বসাধৰণ ৰাইজ ৰাজপথত ওলাই আহি কৃষক নেতাজনৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰি তোলে । প্ৰতিবাদী জনতাই সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় । আনহাতে শীঘ্ৰেই অখিল গগৈক মুক্তি নকিৰলে ভৱিষ্যতে এক ভয়ংকৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে ৷

লগতে চাওক-অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাংত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details