ঢকুৱাখনা, ১৯ ছেপ্টেম্বৰ :লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হৈছে এক অঘটনা ৷ ঢকুৱাখনাৰ ১ নম্বৰ ঠেকেৰাগুৰিত নামঘৰৰ মাহ প্ৰসাদ খাই অসুস্থ হৈ পৰিছে ২০০ জনৰো অধিক লোক ৷ ভাদ মাহৰ সামৰণি নামৰ প্ৰসাদ গ্ৰহণৰ পিচতেই কালিৰে (সোমবাৰ) পৰা ইজনৰ পিচত আনজন খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে ৷ আনকি সময় যোৱৰ লগতে ক্ৰমাৎ আক্ৰান্তৰ সংখ্যাও বৃদ্ধি হৈ গৈয়েই আছে ।
জানিব পৰা মতে, দেওবাৰে ১ নম্বৰ ঠেকেৰাগুৰিৰ নামঘৰত আছিল ভাদমহীয়া নাম সামৰণিৰ অনুষ্ঠান । নাম সামৰণিৰ মাহ-প্ৰসাদ খোৱাৰ পিচতে নিশালৈ অসুস্থ হৈ পৰে বহু কেইজন লোক ৷ সোমবাৰে ৰাতিৰে পৰা শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হোৱা লোকসকলক ভৰ্তি কৰোৱা হয় ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ৷
খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত আটাইকেইজন লোকেই গ্ৰহণ কৰিছিল নামৰ প্ৰসাদ ৷ সেয়ে নাম সামৰণিৰ প্ৰসাদ গ্ৰহণ কৰাৰ পৰাই আটাইকেইজন লোক অসুস্থ হোৱা বুলি প্ৰায় নিশ্চিত হৈছে । তথ্য অনুসৰি, সম্প্ৰতি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা ২০৮ জন অসুস্থ লোক ৷