লখিমপুৰ,17 অক্টোবৰ:ঘৰে ঘৰে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰা এটি কিশোৰ ৷ ১৫ বছৰীয়া কিশোৰটিয়ে শৈশৱতে হেৰুৱায় মাতৃক ৷ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কদমগুৰিৰ বাসিন্দা কিশোৰটিয়ে বিভিন্ন ঠাইত ভঙা-ছিঙা বস্তু বিচাৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷ এখন চাইকেলত কেইপদমান ভঙা-ছিঙা বস্তু লৈ পদূলিয়ে পদূলিয়ে ৰ’দে বতাহে ঘূৰি ফুৰিছে কিশোৰটিয়ে ৷ যুগল শইকীয়া নামৰ কিশোৰটিয়ে এনেদৰে অব্যাহত ৰাখিছে দৈনন্দিন জীৱন সংগ্ৰাম ৷ ষষ্ঠ শ্ৰেণীলৈকে পঢ়ি দৈন্যতাৰ বাবে শিক্ষা জীৱন আধৰুৱা হৈ ৰোৱা যুগলক প্ৰয়োজন সদাশয় লোকৰ সহায়ৰ ৷ দিনটো চাইকেল চলাই পেলনীয়া সামগ্ৰী বিক্ৰী কৰি উপাৰ্জন কৰা ন্যূনতম ধনেৰে কোনোমতে পেট প্ৰৱৰ্তাইছে কিশোৰটিয়ে ৷ যি সময়ত চৰকাৰে দৰিদ্ৰ লোকৰ কল্যাণৰ হকে বিভিন্ন আঁচনি মুকলি কৰিছে তেনে কোনো আঁচনিয়ে ঢুকি পোৱা নাই কিশোৰটিক ৷ কিশোৰটিৰ কৰুণ জীৱন সংগ্ৰামে চৰকাৰৰ আঁচনিসমূহৰ ফোঁপোলা ৰূপকে উন্মোচিত কৰিছে ৷
চাইকেলৰ ৰিঙত ঘুৰিছে যুগলৰ জীৱন
এগৰাকী 15 বছৰীয়া কিশোৰ ৷ লখিমপুৰ জিলাৰ কদমগুৰিৰ বাসিন্দা যুগল শইকীয়া নামৰ কিশোৰটিয়ে বিভিন্ন ঠাইত ভঙা-ছিঙা বস্তু বিচাৰি চলাই গৈছে জীৱন সংগ্ৰাম ৷ বৰ্তমান কিশোৰটিক প্ৰয়োজন সদাশয় লোকৰ সহায়ৰ ৷ আপোনাৰ এধানিমান সহায়ে যুগলৰ ওঁঠত বিৰিঙাব পাৰে হাঁহি ৷
চাইকেলৰ ৰিঙত ঘুৰিছে যুগলৰ জীৱন