বিহপুৰীয়া, ৩১ অক্টোবৰ : বিগত প্ৰায় 5 টা মাহে এটি দুবছৰীয়া শিশুৱে পদূলিলৈ দুচকু থৰ কৰি চাই আছে দেউতাক আহিব আহিব বুলি ৷ এগৰাকী নৱবিবাহিতা আৰু এহাল পিতৃ-মাতৃও ৰৈ আছে তেওঁ আহিব বুলি ৷ কিন্তু মঙলবাৰে যি খবৰ বিয়পি পৰিল, সেয়া যেন খবৰ নহয় এজাক ধুমুহাহে ৷ নাৰায়ণপুৰৰ এখন ঘৰৰ প্ৰতিগৰাকী সদস্যৰ চকুত চকুলো, বুকুত আতংক ৷ নিষিদ্ধঘোষিত বিদ্ৰোহী সংগঠনত যোগদান কৰিলে সেনা বাহিনীত কৰ্মৰত জোৱান পৱন নেওগে ৷
মঙলবাৰে আলফা(স্বা)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাই স্পষ্ট কৰিলে ভাৰতীয় সেনা বাহিনীত কৰ্মৰত নাৰায়ণপুৰৰ জোৱান পৱন নেওগে নিষিদ্ধষোঘিত সংগঠনটোত যোগদানৰ কথা ৷ উল্লেখ্য যে ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টত কৰ্মৰত নাৰায়ণপুৰ নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা খগেন নেওগ আৰু মইনা নেওগৰ কনিষ্ঠ পুত্ৰ পৱন নেওগ যোৱা ১৯ মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ সেইদিনা বিয়লি ঘৰৰ পৰা কৰ্মস্থলী তিনিচুকীয়াৰ দাইচাজানলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছিল সেনা জোৱান পৱন নেওগ ।