লখিমপুৰ, 25 জানুৱাৰী: অৱশেষত অন্ত পৰিল দেশবাসীৰ অপেক্ষাৰ ৷ আজি মুক্তি লাভ কৰিলে বলিউডৰ কিং শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত তথা বিৰ্তকিত বোলছবি "পাঠান"(Pathaan film released) ৷ সমগ্ৰ দেশৰ লগতে অসমৰ ছবিগৃহবোৰতো বোলছবিখনৰ প্ৰথম দৰ্শনীৰ বাবে ভিৰ দৰ্শকৰ । কোনো অপ্ৰীতিকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে সষ্টম অসম আৰক্ষী । প্ৰতিটো ছবিগৃহতে কটকটীয়া নিৰাপত্তা বেষ্টনী ।
উল্লেখ্য যে দেশৰ ভিন্ন প্ৰান্তৰ লগত অসমতো 'পাঠান' বোলছবিখনক লৈ বিতৰ্ক অব্যাহত আছে (Pathaan film controversy in Assam)। ছবিখনৰ বিৰুদ্ধে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদো সাব্যস্ত কৰিছে । অৱশ্যে অসমৰ মুখ্যমুন্ত্ৰীয়ে ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো বাধা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ছবিগৃহবোৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।
অসমত ছবিখনৰ মুক্তিৰ পূৰ্বেই লাখ লাখ টকাৰ টিকট বিক্ৰী হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো কটকটীয়া নিৰাপত্তাৰ মাজত চলিছে পাঠান বোলছবিৰ দৰ্শনী (Pathaan started in three theaters in Lakhimpur)। লখিমপুৰৰ তিনিটা ছবিগৃহতো আৰম্ভ হ’ল পাঠানৰ দৰ্শনী (Security arrangements in Lakhimpur over Pathaan film) ৷
নগৰৰ বিশ্ব টকিজ, নক্ষত্ৰ চিনেমা আৰু গল্ড চিনেমাত চাৰিটাকৈ দৰ্শনীৰে চলিছে পাঠান ৷ নিৰাপত্তা বেষ্টনীৰ মাজতে দৰ্শকৰ অভূতপূৰ্ব ভিৰ দেখা পোৱা গৈছে ছবিগৃহসমূহত । আগন্তুক চাৰিদিন পৰ্যন্ত সকলো টিকট বিক্ৰী হৈছে বিশ্ব টকিজৰ । চিনেমাখনৰ বিতর্কই দৰ্শকৰ ওপৰত কোনো নেতিবাচক প্ৰভাব নেপালায় বুলি মন্তব্য বিশ্ব টকিজৰ পৰিচালক নৰেন হাজৰিকাৰ ।