লখিমপুৰ, ৯ অক্টোবৰ : লখিমপুৰৰ সোৱণশিৰি নদীত অঘটন ৷ দেওবাৰে ভৰা সোৱণশিৰিৰ বুকুত ইঞ্জিন বিকল হৈ আবদ্ধ হ’ল ফেৰী (Passenger ferry stuck in Subansiri River) ৷ ফেৰীখনত আছিল প্ৰায় ২০ জন যাত্ৰী ৷ লগত আছিল ৮ খন বাইক আৰু বহু গধুৰ সামগ্ৰীও ৷
ইফালে ফেৰীখন বিকল হোৱাৰ সময়ত ধাৰাষাৰ বৃষ্টিপাত হয় ৷ ফলত ফেৰী যাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ ৷ একাংশ লোকে উল্লেখ কৰা অনুসৰি, চিংগল ইঞ্জিনৰ ফেৰীৰ বাবেই এই অঘটনটো সংঘটিত হয় । লক্ষ্যণীয় বিষয় যে, ভয়াবহ নিমাতী কাণ্ডৰ পাচত চৰকাৰে দ্বৈত ইঞ্জিন ফেৰী চলোৱাতো বাধ্যতামূলক কৰিছিল ৷
কিন্তু চৰকাৰৰ ঘোষণাৰ সময় পাৰ হোৱাৰ লগে লগে সকলো নীতি নিৰ্দেশনা যেন তল পৰিল ।