নাওবৈচা,25 ফেব্ৰুৱাৰী:নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ জীৱন পৰিক্ৰমাৰ বিষয়ে সাধাৰণ জনতাৰ লগতে নৱ প্ৰজন্মক অৱগত কৰাৰ লক্ষ্যৰে পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চই প্ৰত্যেক বছৰৰ দৰে এইবছৰো পৰাগ কুমাৰ দাসৰ জন্ম দিৱস উদযাপন কৰে ৷ পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চই গোঁসানীবাৰী যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত নাওবৈচাৰ বান বিধস্ত গোঁসানীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পৰাগ কুমাৰ দাসৰ 60 সংখ্যক জন্ম দিৱস পালন কৰে ৷
নাওবৈচা প্ৰেছ ক্লাবৰ উপদেষ্টা উমানন্দ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন সাংবাদিক নিতুল বৰাই উদ্বোধন কৰে ৷ বৰাই ভাষণ প্ৰসংগত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ নিৰ্ভীকতা তথা আপোচহীন আৰু সবল যুক্তিৰে আৰম্ভ কৰা সংগ্ৰামৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰযন্ত্ৰই অসমীয়া জাতিৰ আপোচবিহীনতাৰ ধাৰাটোক হত্যা কৰি পেলোৱা বুলি মন্তব্য কৰে ৷ নতুন প্ৰজন্মই পৰাগ দাসৰ নীতি আদর্শক পুনৰ প্ৰতিষ্ঠা কৰি এখন স্বাৱলম্বী স্বাধীন অসম গঢ়ি তুলিব লাগিব বুলিও উল্লেখ কৰে ৷