অসম

assam

নাৰায়ণপুৰত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

By

Published : May 17, 2021, 1:49 PM IST

সাহসী সাংবাদিক হিচাপে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত স্থান দখল কৰা পৰাগ কুমাৰ দাসৰ আজি ২৫ সংখ্যক মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্ভীক সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে সংবাদ কৰ্মীসকলে । নাৰায়ণপুৰ প্ৰেছ ক্লাবত সোমবাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Parag Kumar Das 25th death anniversary
নাৰায়ণপুৰত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

বিহপুৰীয়া,১৭ মে': নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ২৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে লখিমপুৰৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি আৰু বন্তি প্ৰজ্বলন কৰি সংবাদ কৰ্মীসকলে শ্ৰদ্ধা নিবেদন কৰে ।

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক তথা নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়াই ৷ প্ৰেছ ক্লাবৰ সম্পাদক চন্দন শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক চিনাক্ত কৰি আজি পৰ্যন্ত উচিত শাস্তি দিব নোৱাৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে কুমুদ শইকীয়াই ।

নাৰায়ণপুৰত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

লগতে অসমৰ সমাজ জীৱনক আগুৱাই নিবলৈ হ'লে সাংবাদিক পৰাগ কুমাৰ দাসৰ নীতি-আদৰ্শক সৰোগত কৰি আগবাঢ়িব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে সাংবাদিক ৰুবুল দিহিঙীয়াই

ABOUT THE AUTHOR

...view details