নাওবৈচা, 9 জুন:লখিমপুৰত কংগ্ৰেছত ব্যাপক খহনীয়া ৷ জিলাখনত শাসকীয় বিজেপি দল শক্তিশালী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলটো শক্তিহীন হোৱাৰ দিশে গতি কৰিছে ৷ কিয়নো বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰি বহু নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত ৷ এক প্ৰকাৰে যেন শূন্য হোৱাৰ দিশে গতি কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ (Cong leader Bhupen Kumar Borah) গৃহ জিলা লখিমপুৰ ।
বুধবাৰে কংগ্ৰেছ নেতা ভৰত নৰহৰ বহু কেইজন ঘনিষ্ঠ নেতাসহ আন আন দলৰ দুই শতাধিক কর্মীয়ে লালুকৰ গনভৱনত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে (Many Congress people join BJP at Nowboicha) । বিগত সময়ছোৱাত কংগ্ৰেছ দলটোৰ উত্তৰণত দিনে-নিশাই কাম কৰি যোৱাৰ পিছত দলৰ শীৰ্ষ নেতৃত্ব তথা বিধায়ক ভৰত নৰহৰ পৰা শেহতীয়াকৈ পোৱা বঞ্চনা আৰু প্ৰতাৰণাৰ বাবেই ভৰত নৰহৰ লগত ছাঁ দৰে লাগি থকা বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লগতে দলটোৰ ব্ল’ক পৰ্যায়ৰ বহু নেতাই বিজেপিৰ দলত যোগদান কৰে বুলি জানিব পৰা হৈছে ।