লখিমপুৰ, ১১ অক্টোবৰ: লখিমপুৰত ফুটি উঠিছে স্বচ্ছতাৰ এখন বিপৰীত চিত্র । ৰাজহুৱা স্থানত পুঁতিগন্ধময় পৰিবেশ দেখিবলৈ পোৱা গৈছে নগৰৰ ত্যাগ ক্ষেত্রত । ত্যাগ ক্ষেত্রত মাহটোৰ সৰহভাগ সময় হাজাৰ হাজাৰ লোকৰ সমাগমে মুখৰ হৈ থাকে । জিলা আৱৰ্ত ভৱনৰ সন্মুখতে থকা ত্যাগ ক্ষেত্রত চৰকাৰী বিভিন্ন কাৰ্যসূচী নাইবা বিভিন্ন দল সংগঠনৰ কাৰ্যসূচীৰে মাহটোৰ সৰহভাগ সময় মুখৰ হৈ থাকে । এনে কাৰ্যসূচী সমূহত হাজাৰ হাজাৰেই নহয় লক্ষাধিক লোকৰ সমাবেশ হয় ।
এই ত্যাগ ক্ষেত্রৰ এফালে আছে ভালেখিনি খাদ্য বিপণী । ফুড ক'ৰ্ট নামৰ এফালে খাদ্য বিপণীৰ পৰা মাজত মাথো দহ মিটাৰ মানৰ ব্যবধানত ত্যাগ ক্ষেত্রৰ মঞ্চৰ লগতে বিভিন্ন দল সংগঠন অথবা চৰকাৰী কাৰ্যসূচীৰ বাবে সজা অস্থায়ী মণ্ডপৰ স্থান । এই দুয়ো স্থানৰ মাজত এটা পুখুৰী সদৃশ ডাঙৰ গাত। এই গাতটো এতিয়া একপ্ৰকাৰ ডাম্পিং গ্ৰাউণ্ডৰ ৰূপ ধাৰণ কৰিছে । গেলা-পচা জাবৰ জোথৰৰ পৰা ফুড ক'ৰ্টৰ পেলনীয়া সামগ্রীলৈকে সকলো বস্ত পেলোৱা এই গাতটোৱে পুঁতিগন্ধময় ৰূপ ধাৰণ কৰিছে ।
এফালে খাদ্য বিপণী আৰু আনফালে হাজাৰ হাজাৰ লোকৰ সমাবেশৰ স্থান। তাৰ মাজতে সৃষ্টি হৈছে এই পুঁতিগন্ধময় পৰিবেশ । এয়া কোনো আওহতীয়া স্থানৰ দৃশ্য নহয় । আৱৰ্ত ভৱনৰ সন্মুখতে সৃষ্টি হোৱা এই পৰিৱেশক স্বচ্ছতা অভিযানে ঢুকি পোৱাগৈ নাই । যাৰ বাবে দিনে নিশাই চিঞৰি থকা স্বচ্ছতা অভিযানৰ সফলতাৰ ক্ষেত্রত এক ডাঙৰ প্ৰশ্ন বোধক চিন তুলিছে ।