লখিমপুৰ, 1 আগষ্ট: লখিমপুৰ পৌৰসভাৰ অভিবেচক কাণ্ড ৷ হাজাৰ হাজাৰ ছাত্র-ছাত্রীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে ৷ নগৰ এলেকাত থকা শংকৰদেৱ শিশু নিকেতন আৰু ভেলিভিউ স্কুলৰ সমীপৰ পথটোত নলা খান্দি পাতিছে মৰণফাণ্ড ।
সহস্ৰাধিক শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰা এই পথটোত বিদ্যালয় আৰম্ভ আৰু শেষ হোৱাৰ সময়ত অভিভাৱক ব্যস্তা বৃদ্ধি হয় পথটোত । অৰ্ধ নিৰ্মিত তথা উন্মুক্ত নলা নৰ্দমাৰ লগতে পথটোত প্ৰকাণ্ড শিলৰ দম কৰি থোৱাত সমস্যাত পৰিছে অভিভাৱকৰ লগতে শিক্ষাৰ্থী । পূৰ্বৰে পৰা ঠেক পথটোৰ এতিয়া একাষে উন্মুক্ত অৰ্ধনিমিত নলা আৰু শিলৰ দ'মে অধিক ঠেক কৰি পেলোৱা পৰিলক্ষিত হৈছে ।
উল্লেখ্য যে, পৌৰসভাই এই পথচোৱাত নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল এমাহ পূৰ্বে । গ্ৰীষ্মকালীন স্কুল বন্ধৰ সময়ছোৱাত নলা নিৰ্মাণৰ ব্যৱস্থা হাতত লৈছিল যদিও আজিও নলা নিৰ্মাণৰ কাম সম্পূর্ণ নোহোৱাত সমস্যাত পৰিছে শিক্ষাৰ্থীৰ লগতে অভিভাৱক । গ্ৰীষ্মকালীন বন্ধ অন্ত হৈ মঙলবাৰৰ পৰা স্কুলসমূহৰ পাঠদান আৰম্ভ হ’ল যদিও পৌৰসভাই নলা নিৰ্মাণৰ কাম সমাপ্ত কৰিব নোৱাৰিলে । যাৰ বাবে এতিয়া উন্মুক্ত নলা, শিলৰ দমৰ মাজেৰে ছাত্র-ছাত্রী অভিভাৱকে অহা-যোৱা কৰিবলগীয়াত পৰিছে ।