লখিমপুৰ, 22 এপ্ৰিলঃ লখিমপুৰ জিলাৰ পানীগাওঁ চুঙাপাৰালৈ আহিছে এক দু-সংবাদ । হায়দৰাবাদত কৰ্মৰত অৱস্থাতে মৃত্যু হয় দীপক হাজৰিকা নামৰ এজন যুৱকৰ ।
হায়দৰাবাদত মৃত্যু অসমৰ এজন যুৱকৰ - হায়দৰাবাদত মৃত্যু অসমৰ এজন যুৱক
হায়দৰাবাদত কৰ্মৰত অৱস্থাতে মৃত্যু হয় লখিমপুৰৰ এজন যুৱকৰ ৷ মৃত যুৱকজনৰ নাম দীপক হাজৰিকা ৷
সোমবাৰে নিশা দীপক হাজৰিকা নামৰ যুৱকজনৰ এই দুঃসংবাদ পোৱাৰ পিছৰে পৰা চুঙাপাৰাৰ ঘৰ খনৰ লগতে অঞ্চলজুৰি বিৰাজ কৰিছে শোকাকুল পৰিৱেশ । পুত্ৰৰ মৃত্যুত ভাগি পৰিছে পিতৃ জীৱন হাজৰীকাৰ পৰিয়ালটো। কাৰণ দেশৰ এই সংকটৰ সময়ত কেনেকৈ এতিয়া নিজৰ ঘৰখনলৈ আনিব পুত্ৰ দীপক হাজৰিকাৰ মৃতদেহ । জীৱন হাজৰিকাৰ পৰিয়াল তথা স্থানীয় ৰাইজে অসম চৰকাৰক অনুৰোধ জনাইছে যে,যুৱকজনৰ মৃতদেহটো লখিমপুৰৰ নিজঘৰ খনলৈ আনি দিয়াৰ ব্যৱস্থা কৰিবলৈ ৷ উল্লেখ্য যে, পিতৃ জীৱন হাজৰিকাৰ সৰু পুত্ৰ দীপক হাজৰিকাই চাৰিমাহ পূৰ্বে চুঙাপাৰাৰ ঘৰ খনৰ পৰা সংস্থাপন বিচাৰি হায়দাৰাবাদলৈ বুলি গৈছিল । হায়দাৰবাদত থকা জীৱন হাজৰিকাৰ ডাঙৰ পুত্ৰই সোমবাৰে এই খবৰ দিয়ে দেউতাকক । আৰু তাৰ পিছৰে পৰাই এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে ।
লগতে পঢ়ক- কলিয়াবৰত অনলাইন পাচলি ব্যৱসায়