অসম

assam

ETV Bharat / state

লখিমপুৰত এখন পোষ্টাৰক লৈ বিতৰ্ক, আত্মহত্যাৰ ভাবুকি যুৱতীৰ ! - লখিমপুৰত এখন পোষ্টাৰক লৈ বিতৰ্ক, আত্মহত্যাৰ ভাবুকি যুৱতীৰ

লখিমপুৰত এখন পোষ্টাৰকলৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ এগৰাকী যুৱতীৰ বিৰুদ্ধে অশালনীন মন্তব্যৰে নীলমণি শইকীয়া নামৰ এজন যুৱকে দ'ল'হাট বজাৰত আঁৰিছিল এখন পোষ্টাৰ ৷

লখিমপুৰত এখন পোষ্টাৰক লৈ বিতৰ্ক, আত্মহত্যাৰ ভাবুকি যুৱতীৰ

By

Published : Nov 21, 2019, 2:25 PM IST

লখিমপুৰ, 21 নৱেম্বৰঃ লখিমপুৰত এখন পোষ্টাৰকলৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ এগৰাকী যুৱতীৰ বিৰুদ্ধে অশালনীন মন্তব্যৰে নীলমণি শইকীয়া নামৰ এজন যুৱকে ওলমাইছিল এখন পোষ্টাৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি, নীলমণি শইকীয়া নামৰ এজন যুৱকে এগৰাকী যুৱতীৰ বিৰুদ্ধে দ'ল'হাট বজাৰত পোষ্টাৰ আঁৰিছিল ৷ পোষ্টাৰখনত যুৱতীগৰাকীৰ বিৰুদ্ধে বিভিন্ন অশালীন মন্তব্য আগবঢ়াইছিল নীলমণি শইকীয়া যুৱকজনে ৷ পৰৱৰ্তী সময়ছোৱাত দ'ল'হাট আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ ৷

অভিযুক্ত নীলমণি শইকীয়া
অভিযুক্ত নীলমণি শইকীয়া
লখিমপুৰত এখন পোষ্টাৰক লৈ বিতৰ্ক

লগতে পঢ়কঃ ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ

ইপিনে, গোচৰ ৰুজু কৰাৰ উমান লাভ কৰি অভিযুক্ত নীলমণি শইকীয়াই ন্যয়ালয়ৰ পৰা আগতীয়া জামিন লৈ বুধবাৰে হাজিৰ হৈ দ'ল'হাট আৰক্ষী চকীত ৷ লগে লগে যুৱতীগৰাকীও উপস্থিত হয় দ'ল'হাট আৰক্ষী চকীত ৷ নীলমণি শইকীয়াই যদি উচিত শাস্তি লাভ নকৰে তেন্তে আত্মহত্যাৰো ভাবুকি প্ৰদান কৰে যুৱতীগৰাকীয়ে ৷

বিতৰ্কিত পোষ্টাৰখন

ABOUT THE AUTHOR

...view details