অসম

assam

By

Published : May 16, 2022, 12:25 PM IST

ETV Bharat / state

বিবাহ থলীত তেজৰ ডোঙা; লুডু খেলৰ কাজিয়াত প্ৰাণ হেৰুৱালে এজনে

সামান্য কথাৰ কটাকটিতে প্ৰাণ হেৰুৱালে লখিমপুৰৰ এগৰাকী যুৱকে(One brutally killed in lakhimpur) ৷ এখন লুডু খেলক কেন্দ্ৰ কৰি হোৱা বাদানুবাদ পৰৱৰ্তী সময়ত পৰিৱৰ্তিত হয় ভয়ংকৰ কাজিয়াত ৷ এই কাজিয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে আফজত আলী নামৰ যুৱকজনে চোকা ছুৰীৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰে ইচাদ আলী নামৰ যুৱকজনক ৷ এখন বিবাহথলীত সংঘটিত হয় এই ঘটনা(Murder at lakhimpur wedding) ৷

one-brutally-killed-in-lakhimpur
লখিমপুৰত হত্যাকাণ্ড

লখিমপুৰ, 16 মে’:এখন লুডু খেল আৰু এটা হত্যাকাণ্ড ৷ সামান্য কথাৰ কটাকটিতে জীৱন হেৰুৱালে লখিমপুৰৰ এগৰাকী যুৱকে(One brutally killed in lakhimpur) ৷ দেওবাৰে নিশা সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা ৷

জানিব পৰা মতে, জিলাখনৰ মৈদমীয়াৰ বাসিন্দা আয়ুব আলী নামৰ ব্যক্তিগৰাকীৰ পুত্ৰৰ বিবাহ আছিল দেওবাৰে ৷ তাত গোট খোৱা একাংশ যুৱকে দিনৰ ভাগত বিবাহস্থলীৰ সন্মুখত লগ হৈ খেলিছিল লুডু ৷ কিন্তু খেলৰ মাজতে কথাৰ কটাকটি ঘটে একে গাঁৱৰে আফজত আলী আৰু ইচাদ আলী নামৰ দুজনকৈ যুৱকৰ মাজত ৷ পৰৱৰ্তী সময়ত এই মতানৈক্য পৰিৱৰ্তিত হয় কাজিয়ালৈ ৷ দুয়োজন যুৱকৰ কাজিয়া চলি থকাৰ মাজতে বিবাহস্থলীত উপস্থিত হয় ইচাদৰ পিতৃ ৱাজিদ আলী ৷

অভিযুক্ত আফজত আলী

ইফালে, আফজত আলীয়ে উক্ত স্থানতে শাৰিৰীকভাৱে প্ৰহাৰ কৰে পিতা-পুত্ৰক ৷ যাৰ বাবে ৱাজিদ আলীয়ে লখিমপুৰ থানাত ঘটনা প্ৰসংগত দাখিল কৰে এজাহাৰ ৷ দিনৰ ভাগত হোৱা এই কাজিয়া পিছলৈ শাম কাটে যদিও নিশা পুনৰ 9 মান বজাত বিয়াঘৰত উপস্থিত হয় আফজত আলী নামৰ যুৱকজন ৷ পূৰ্বৰে পৰা বিবাহথলীত উপস্থিত থকা ইচাদ আলীক যুৱকজনে দেখা মাত্ৰকে দিনৰ ঘটনাৰ প্ৰতিশোধ ল’বলৈ এখন চোকা ছুৰীৰে উপৰ্যুপৰি আঘাত হানে ৷

আফজত আলীৰ অতৰ্কিত আক্ৰমণৰ ফলত থিতাতে নিহত হয় ইচাদ আলী নামৰ যুৱকজন ৷ এই ঘটনাটো সংঘটিত কৰাৰ পাছৰে পৰা পলাতক অৱস্থাত আছে অভিযুক্ত আফজত ৷ পৰৱৰ্তী সময়ত পুত্ৰৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ৱাজিদ আলীয়ে পুনৰায় লখিমপুৰ থানাত দাখিল কৰে এজাহাৰ ৷

বিবাহথলীত হত্যাকাণ্ড সংঘটিত

ব্যক্তিগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সময়ত অভিযুক্ত আফজতৰ সৈতে আন কেইবাজনো সহযোগী বিবাহথলীত উপস্থিত আছিল ৷ ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্তৰ সন্ধানত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে আটক কৰা হৈছে এজন ব্যক্তি ৷

লগতে চাওক:প্ৰথমে অপহৰণ, তাৰপিছত ধৰ্ষণ আৰু শেষত বহিঃৰাজ্যত বিক্ৰী ধুবুৰীৰ নাবালিকা

ABOUT THE AUTHOR

...view details