লখিমপুৰ,15 জুলাই :জনক ৰজাই নাঙলৰ সীৰলুত লাভ কৰিছিল সীতাক ৷ এইবাৰ অসমৰ এজন কৃষকে নাঙলৰ সীৰলুত পালে আপুৰুগীয়া সম্পদ ৷ হাল বাই থাকোতেই কপাল ফুলিল কৃষকজনৰ ৷ এনে সম্পদ ক’ৰ পৰা আহিল কৃষকজনৰ পথাৰলৈ ?
লখিমপুৰত সংঘটিত হৈছে এই আশ্চৰ্যকৰ ঘটনাটো ৷ কৃষকে পথাৰত হাল বাঁওতে উদ্ধাৰ হৈছে ছটাকৈ পুৰণি দিনৰ কাঁহৰ বাটি (bell Mattel bowl) । তাৰপাচতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে কৌতুহলৰ ৷
লখিমপুৰ (LAKHIMPUR) নগৰৰ সমীপৰ ভৰ্তি সোণোৱাল গাঁৱৰ ভূৱণ সোণোৱাল নামৰ কৃষক জনে পথাৰত হাল বাই থাকোতেই নাঙলত লাগি উঠি আহে এটা বাটি । তাৰ পাচতে এটা এটাকৈ আন ছটা বাটি উদ্ধাৰ হয় সেই স্থানত ৷ বিশেষ বাটি কেইটাৰ তিনিটা ভগ্ন অৱস্থাত আৰু চাৰিটা নিখুঁত অৱস্থাত উদ্ধাৰ হয় ৷
পথাৰত হাল বাঁওতে কৃষকৰ কপাল ফুলিল আহোম ৰাজত্ব (ahom dynasty) কালত ব্যৱহৃত হোৱা বাটিৰে সাদৃশ্য আছে উদ্ধাৰ হোৱা বাটি কেইটাৰ । এই বাটি কেইটাৰ দুটামান হাতীখুজিয়া বাটি বুলি স্থানীয় ৰাইজে সদৰি কৰিছে । সম্প্ৰতি পথাৰত উদ্ধাৰ হোৱা এই পুৰণি দিনৰ বাটি কেইটা চাবলৈ ৰাইজে কৃষক জনৰ ঘৰত ভিৰ কৰা দেখা গৈছে ।
বাটি কেইটা কৃষক জনৰ ঘৰতে এতিয়াও আছে ৷ অতি পৰিতাপৰ কথা যে, বাটি কেইটা উদ্ধাৰ হোৱাৰ পাচতো এতিয়ালৈকে পুৰাতত্ব বিভাগৰ (archaeological department) লোকৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই কৃষকজনৰ ঘৰত ৷ স্থানীয় ৰাইজে দাবী কৰিছে যে, সঠিক ভাৱে গৱেষণা কৰিলে উক্ত স্থানত আৰু পৌৰাণিক বা আহোম ৰাজত্ব কালৰ আপুৰুগীয়া সম্পদ উদ্ধাৰ হোৱাৰ অৱকাশ আছে ৷
লগতে পঢ়কঃ অৱশেষত সন্তানসহ দুলুমণি সোমালহি বোকাখাত থানাত