অসম

assam

By

Published : Feb 26, 2022, 10:28 PM IST

ETV Bharat / state

Nyokum Yullo Festival : অসম অৰুণাচল সীমান্তৰ তৰাজুলীৰ টানি হাপাত ন্যকুম ইয়'ল্ল' উৎসৱ

লখিমপুৰৰ অসম অৰুণাচল সীমান্তৰ তৰাজুলিৰ টানি হাপা অঞ্চলত বসবাস কৰা নিচী জনগোষ্ঠীৰ লোকসকলে তিনিদিনীয়াকৈ পালন কৰে 24 তম ন্যকুম ইয়'ল' উৎসৱ (Nyishi community celebrates Nyokum Yullo) ।

nyishi-community-celebrates-agricultural-festival-nyokum-yullo-in-lakhimpur
নিচী জনগোষ্ঠীসকলে পালন কৰিলে ন্যকুম ইয়'ল' উৎসৱ

লখিমপুৰ, 26 ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ প্ৰধান জনগোষ্ঠী নিচীসকলৰ কৃষি ভিত্তিক উৎসৱ ন্যকুম ইয়'ল' উৎসৱ (Nyokum Yullo Festival) ৷ অৰুণাচলৰ লগতে লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ তৰাজুলিৰ টানি হাপা অঞ্চলত বসবাস কৰা নিচী জনগোষ্ঠীৰ লোকসকলে তিনিদিনীয়াকৈ পালন কৰে 24 তম ন্যকুম ইয়'ল' উৎসৱ (Nyishi community celebrates Nyokum Yullo at Assam Arunachal Border) ।

কৃষিৰ উৎপাদনৰ লগতে সকলোৰে মংগল আৰু শান্তি-সম্প্ৰীতিৰ কামনাৰে নিচী জনগোষ্ঠীৰ লোকসকলে অদৃশ্যজনৰ ওচৰত আশীষ বিচাৰি পালন কৰে এই উৎসৱ ৷ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল তৰাজুলিত অনুষ্ঠিত এই উৎসৱত দুয়োখন ৰাজ্যৰ ভালেসংখ্যক লোকে উপস্থিত থাকি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

নিচী জনগোষ্ঠীসকলে পালন কৰিলে ন্যকুম ইয়'ল' উৎসৱ

এই উৎসৱত অংশ লোৱা সকলোৱে প্ৰতি বছৰৰ দৰে এইবাৰো অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাইজৰ মাজত ঐক্য, সমন্বয় অটুত থকাৰো কামনা কৰে ৷ উৎসৱত প্ৰদৰ্শিত হোৱা পৰম্পৰাগত নৃত্য-গীত, সাজ-সজ্জাই উৎসৱথলীক এক অনন্য মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হয় । নিচী জনগোষ্ঠীৰ লোকসকলে তিনিদিনীয়াকৈ পালন কৰা 24 তম ন্যকুম ইয়'ল' উৎসৱত এইবাৰ মুখ্য অতিথি হিচাপে লিখা সুৰজ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ বন বিষয়া চুখু লোমাৰ ।

লগতে পঢ়ক :IAF chopper faces technical snag: ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details