নাওবৈচা, ৫ জুন:লখিমপুৰ জিলাৰ নাওবৈচাত ভয়াৱহ ৰূপত বাঢ়িছে ড্ৰাগছ আসক্তৰ সংখ্যা (Illegal Drugs at Naoboicha)। প্ৰতিবছৰে এই ভয়ানক ড্ৰাগছৰ কবলত পৰি মৃত্যু হৈছে নতুন প্ৰজন্মৰ বহু কিশোৰ-যুৱকৰ । বিশেষকৈ অঞ্চলটোৰ একাংশ চেমনীয়া আৰু কিশোৰ এই ড্ৰাগছৰ কৱলত পৰা পৰিলক্ষিত হৈছে । নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি বহুতে নিজলৈ মাতি আনিছে পংগুত্বৰ জীৱন ।
ড্ৰাগছ ক্ৰয় কৰিবলৈ চুৰি-ডকাইতিত লিপ্ত হৈছে সম্ভ্ৰান্ত ঘৰৰ সন্তান । বহু পৰিয়ালে হেৰুৱাব লগা হৈছে একমাত্ৰ সন্তানক । ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে এই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইটোৰ পিছত সিটো অপৰাধী গ্ৰেপ্তাৰ কৰিছে যদিও ড্ৰাগছৰ ব্যৱসায় নিৰ্মূল কৰিব পৰা নাই (Anti drugs mission in Lakhimpur)।
আৰক্ষী চকুত ধূলি দি এই ক’লা সাম্ৰাজ্যৰ পৰিসৰ দিনক দিনে বৃদ্ধি কৰিছে ড্ৰাগছ মাফিয়াই । জানিব পৰা মতে জিলাখনৰ সীমান্তৱৰ্তী বান্দৰদেৱাৰ পৰা নিয়ন্ত্ৰণ হয় ড্ৰাগছৰ ব্যৱসায় (Drugs at Banderdawa)৷ শেহতীয়াকৈ নাওবৈচাৰ ডিজুত বৃহৎ ঘাটি স্থাপন কৰিছে । ডিজু অঞ্চলৰ এগৰাকী নাৰীয়ে ড্ৰাগছৰ এই বৃহৎ ঘাটি স্থাপন কৰি নতুন প্ৰজন্মক ধ্বংস গৰাহলৈ ঠেলি দি ৰাতিটোৰ ভিতৰতে কোটি টকাৰ গৰাকী হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ সচেতন লোকসকলে ।