নাওবৈচা, 4 ছেপ্টেম্বৰ : জাতি,মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগানেৰে অসমীয়া জনগণক প্ৰলোভিত কৰি ৰাজ্যৰ ৰাজপাট কুক্ষিগত কৰা বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোনোৱাল চৰকাৰে অসম সৰ্বস্তৰৰ জনগণক বাৰে বাৰে প্ৰৱঞ্চনা কৰিছে ৷ এই মন্তব্য উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওঁগৰ ।
উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ চতুৰ্দশ সংখ্যক অধিবেশন শুকুৰবাৰে ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত পূৱ ফুলবাৰী হাইস্কুল খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিবেশনৰ আজি পুৱাৰ ভাগত আছুৰ পতাকা উত্তোলন কৰি সীমান্ত নেওঁগে ৰাজ্যৰ শাসনত থকা চৰকাৰ,ৰাজনৈতিক দলৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰে ।
ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই ৰাজনৈতিক জীৱন আগবঢ়াই নিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়া জনতাক কৰা প্ৰতাৰণাৰ প্ৰত্যুত্তৰ সময়ত জনসাধাৰণে দিব বুলি ছাত্ৰ নেতা গৰাকীয়ে মন্তব্য কৰে ।
উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ চতুৰ্দশ সংখ্যক অধিবেশন আনহাতে পুৱা পতাকা উত্তোলন কৰাৰ পাছতো শ্বহীদ তৰ্পন কৰে উত্তৰ লখিমপুৰ মহকুমা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক শৰৎ বৰুৱাই । পুৱা দহ বজাৰ পৰা ফুলবাৰী অঞ্চলৰ বয়োজ্যেষ্ঠ লোকসকল সম্বৰ্ধনা জনায় ছাত্ৰ সন্থাই । 11 বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় । প্ৰতিনিধি সভাত লখিমপুৰ জিলা ছাত্র সন্থাৰ সভাপতি পুলক বৰা,উপদেষ্টা সঞ্জীৱ কোঁৱৰৰ লগতে জিলা ছাত্র সন্থাৰ বহু কেইজন বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।
লগতে পঢ়ক :মুছলপুৰ পৰিদৰ্শন মুখ্য সচিব-আৰক্ষী সঞ্চালক প্ৰধানৰ