অসম

assam

ETV Bharat / state

নাওবৈচাত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ মৌন প্ৰতিবাদ - শিক্ষা বিভাগ

শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকক। শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নামত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম প্ৰতাৰণা কৰাৰ অভিযোগ। পদ প্ৰাদেশিকীকৰণৰ দাবীৰে লখিমপুৰৰ নাওবৈচাত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ মৌন প্ৰতিবাদ।

নাওবৈচাত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ মৌন প্ৰতিবাদ
নাওবৈচাত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ মৌন প্ৰতিবাদ

By

Published : Oct 21, 2020, 3:24 PM IST

নাওবৈচা, ২১অক্টোবৰ: শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ নতুন নীতিয়ে ২৫-৩০ বছৰ ধৰি বিনা বেতনেৰে শিক্ষকতা কৰি অহা শিক্ষকৰ জীৱনলৈ ঘোৰ অমানিশা মাতি আনিছে। ২০১৩ চনৰ ৰ (5+1) শিক্ষক নিযুক্তিৰ নিয়মৰ পৰিৱৰ্তে বৰ্তমান কেৱল ৩ জন শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই নতুন নীতিৰ বিৰোধিতা কৰি বুধবাৰে নাওবৈচা হাইস্কুল খেলপথাৰত মৌন প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰৰ নাওবৈচাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে।

পদ প্ৰাদেশিকীকৰণৰ এই নতুন নীতিয়ে ৰাজ্যৰ তিনি সহস্ৰাধিক শিক্ষকক বিবুদ্ধিত পেলাইছে। শিক্ষা মন্ত্ৰীয়ে কেৱল মধ্য ইংৰাজী বিদ্যালয়ৰ ক্ষেত্ৰত এই নীতি গ্ৰহণ কৰা কাৰ্যই লখিমপুৰ জিলাৰ ৪৫০গৰাকী শিক্ষকৰ পৰিয়ালৰ জীৱনলৈ অনাকাংক্ষিত বিপদ মাতি আনিছে। বিদ্যালয়সমূহত হিন্দী শিক্ষক হিচাপে শিক্ষকতা কৰি অহা শিক্ষকসকলকো এই প্ৰক্ৰিয়াৰ আওতালৈ অনাত শিক্ষকসকল ক্ষুদ্ধ হৈ পৰিছে। শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ এই নতুন নীতিৰ ফলত দিক-বিদিক হেৰুৱাইছে ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ অৰ্ধেক সংখ্যক শিক্ষকে।

লখিমপুৰ জিলাৰ স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকসকলে মৌন প্ৰতিবাদেৰে বিষয়টো চৰকাৰক দৃষ্টিগোচৰ কৰে। অশ্ৰুসিক্ত নয়নেৰে বঞ্চিত শিক্ষকসকলে তেওঁলোকৰ পদসমূহ ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি পদসমূহ নিয়মীয়াকৰণ কৰিবলৈ শিক্ষামন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে।


লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব অৰ্পণ IPS বিষয়া পৱন বৰঠাকুৰক

ABOUT THE AUTHOR

...view details