নাওবৈচা ,১৯মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৭ টা দিন ৷ এই সময়তে ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে উত্তৰ অসমৰ অন্যতম সমষ্টি ১১০ নং নাওবৈচা সমষ্টি ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে সমষ্টিটো দখল কৰাৰ বাবে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে নিজ-নিজ ৰণকৌশল ৰচনা কৰিছে । এইবাৰ সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানে সমষ্টিটো নিজ দখলত ৰাখিবৰ বাবে উঠি-পৰি লাগিছে ।
নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ বিশাল নিবাৰ্চনী সভা - অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ বিশাল নিবাৰ্চনী সভা ৷ ষ্টাৰ কেম্পেনাৰ অবিহনেই অকলে যুঁজিছে নিৰ্বাচনত ৷ এই সভাত অংশগ্ৰহণ কৰে অগণন লোকে ৷
নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী আজিজুৰ ৰহমানৰ বিশাল নিবাৰ্চনী সভা
সমষ্টিটোত নিবাৰ্চনৰ সময়ত নিৰ্ণায়ক ভূমিকা পালন কৰাৰ বাবে প্ৰায় ৮৫ হাজাৰ সংখ্যালঘু ভোটাৰ ৰাইজক নিজৰ দখলত ৰখাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সংখ্যালঘু ৰাইজেও আজিজুৰ ৰহমানক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে । শুকুৰবাৰে বিয়লি কোনো ষ্টাৰ কেম্পেনাৰ নোহোৱাকৈয়ে ৰাইজৰ দলে আয়োজন কৰা এখন নিৰ্বাচনী সভা পৰিণত হয় জন-সমুদ্ৰত । নাওবৈচাৰ বৰছলা হাই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাখনত অগণন লোকে ভিৰ কৰেহি ।
অন্য এক খবৰৰ বাবে: অসমত দেশৰ হাইপ্ৰফাইল নেতাৰ সমাগম