নাওবৈচা, ২২ নৱেম্বৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল যুগুত কৰাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ। আন ৰাজনৈতিক দলসমূহৰ লগতে অসম গণ পৰিষদেও শক্তি প্রদর্শনৰ লক্ষ্যৰে ব্যাপক ৰাজনৈতিক তৎপৰতা অৱলম্বন কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিতো অগপই ২০২১ৰ নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে। অহা ২৪ নৱেম্বৰত লখিমপুৰৰ লালুকত অনুষ্ঠিত হ'বলগীয়া অসম গণ পৰিষদৰ বিশাল জনজাগৰণ সভাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। দিনে-ৰাতি একাকাৰ কৰি কাম কৰিছে দলীয় নেতা-কৰ্মীয়ে।
নিৰ্বাচনী ৰণশিঙা বজোৱাৰ উদ্দেশ্য আয়োজন কৰা উক্ত সভাত অংশগ্ৰহণ কৰিব দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। অগপৰ বিশাল জনজাগৰণ সভা অনুষ্ঠিত হ'ব নাওবৈচা সমষ্টিৰ কেন্দ্ৰ লালুকৰ গণ ভৱন প্ৰাংগণত। উক্ত সভাত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাই, ভোজপুৰী গীতৰ ৰাণী তথা ন-অগপ নেত্ৰী কল্পনা পাটোৱাৰী প্ৰমুখ্যে অগপৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকিব বুলি জনাইছে নাওবৈচা বিধান পৰিষদৰ নেতৃত্বই। আনহাতে, নাওবৈচা সমষ্টিৰ আসনখনক লৈ বিজেপি আৰু অগপৰ মাজত টনা-আজোৰা চলি থকাৰ সময়তে অহা ২৪ নৱেম্বৰত অগপই আয়োজন কৰা বিশাল জন জাগৰণ সভাই বিশেষ তাৎপৰ্য বহন কৰিছে।