অসম

assam

ETV Bharat / state

নাওবৈচাত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে - গোসাঁনীবাৰী, গেলাহাটী অঞ্চলৰ বানপীড়িত ৰাইজ

শিঙৰা নৈৰ বানত ৩০ খনতকৈও অধিক গাঁৱৰ অৰ্ধ লক্ষাধিক বন্যাৰ্তৰ অবৰ্ণনীয় পৰিস্থিতি ৷ ইতিমধ্যে পহুমৰা-পকণীয়া সংযোগী পথৰে যাতায়ত বন্ধ হৈ পৰিছে ৷ খাদ্যৰ অভাৱত পশুধনৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ ৷ নাম মাত্ৰ বান সাহাৰ্য দিয়েই দায়িত্ব সামৰিছে জিলা প্ৰশাসনে বৰষুণ দি থাকিলে ভয়ানক হব বানৰ বিভীষিকা ৷ বান সমস্যা স্থায়ী সমাধানৰ বাবে অহা ১৪ জুলাইত আন্দোলনৰ ঘোষণা ৷

nowboicha-singra-river-flood-critical-situation
নাওবৈচাত বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ

By

Published : Jul 10, 2020, 4:01 PM IST

নাওবৈচা,১০জুলাইঃ নেৰানেপেৰা বৰষুণৰ ফলত শুকুৰবাৰে তৃতীয়টো দিনটো নাওবৈচাৰ বান পৰিস্থিতিয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে। বৰষুণ দি থকাৰ ফলত শিঙৰা নদীৰ বানে ৰূপ ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ নাওবৈছাৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিলতা হৈ গৈছে। যোৱা তিনিদিনে শিঙৰা নৈৰ বানে নাওবৈচাৰ বানপীড়িত ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাই নহয়, জীৱন-সম্পত্তি আৰু ক্ষুধাৰ নিৰাপত্তা নিঃশেষ কৰি,এক সম্ভাৱনাশূণ্য অন্ধকাৰ ভৱিষ্যতৰ আগজাননী দিছে ৷

নাওবৈচাত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে

যোৱা তিনিটা দিনে নদীখনৰ সংহাৰী বানৰ লগত যুদ্ধ কৰি ভাগৰি পৰা অৰ্ধ লক্ষাধিক বন্যাৰ্তৰ চকুত এতিয়া কেৱল চকুপানী। খোৱাপানী, অন্ন,বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি অনাহাৰে দিন কটোৱা শ শ পৰিয়ালে মাত্ৰ নিজৰ জীৱনটো কোনোমতে ৰক্ষা কৰি আহিছে। কেৱল জনসাধাৰণেই নহয়, গাওঁসমূহত একেলগে ওখ ঠাইত আবদ্ধ হৈ থকা গৰু,ছাগলী,মহ,গাহৰি আৰু পক্ষী আদিৰ মাজতো খাদ্যৰ নাটনিয়ে দেখা দিছে। গোসাঁনীবাৰী, গেলাহাটী অঞ্চলৰ বানপীড়িত ৰাইজে এতিয়া কলৰ ভূৰ আৰু নাৱেৰে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে।

আনহাতে অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা পহুমৰা-পকণীয়া সংযোগী পথৰ ওপৰত একঁকাল পৰ্যন্ত পানী হোৱাত পথটোত বৃহস্পতিবাৰে পুৱাৰে পৰা যাতায়ত বন্ধ হৈ আছে। অঞ্চলটোৰ বহু বানপীড়িত ৰাইজে ওখ ঠাই অথবা স্কুল আদিত শিবিৰ পাতি থাকিবলগীয়া হৈছে। ইফালে অঞ্চলটোত যদি একেৰাহে বৰষুণ দি থাকে তেনেহলে বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰিছে বানাক্ৰান্ত ৰাইজে। অঞ্চলটোত জিলা প্ৰশাসনৰ তৰফৰ পৰা মাত্ৰ সামান্য পৰিমাণৰ বান সাহাৰ্য প্ৰদান কৰা বুলি উল্লেখ কৰিছে বানপীড়িত ৰাইজে। আনহাতে গোসাঁনীবাৰী-গেলাহাটী অঞ্চলৰ এই বৃহৎ বান সমস্যাটো সমাধানৰ ক্ষেত্ৰত ২০১৬ চনৰ পৰাই অসমীয়া যুৱ মঞ্চই ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে যদিও, আজিলৈকে বান সমস্যাৰ সমাধান নহ'ল বুলি উল্লেখ কৰে। শুকুৰবাৰে বানপীড়িত অঞ্চলটো পৰিদৰ্শন কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনুপম শইকীয়াই অঞ্চলটোৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে অহা ১৪ জুলাইত অঞ্চলটোৰ ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিব বুলি উল্লেখ কৰে ।

নাওবৈচাত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে
লগতে পঢ়কঃ বৰপেটাৰ ভোগেৰপাৰত হায়দৰাবাদস্থিত NALSAR বিশ্ববিদ্যালয়ৰ বান সাহাৰ্য

ABOUT THE AUTHOR

...view details