অসম

assam

By

Published : Aug 7, 2020, 3:15 AM IST

ETV Bharat / state

নাওবৈচাৰ বানবিধস্ত কৃষকৰ মাজত শালি কঠীয়া বিতৰণ

অগপৰ ৰাজ্যিক সম্পাদক জয়ন্ত খাউণ্ডৰ প্ৰশংসনীয় পদক্ষেপ ৷ বোকানদীৰ সংহাৰী বানত ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষকৰ মাজত বিতৰণ কৰিলে উন্নত জাতৰ শালি ধানৰ কঠীয়া ৷

নাওবৈচাৰ বানবিধস্ত কৃষকৰ মাজত শালি কঠীয়া বিতৰণ
নাওবৈচাৰ বানবিধস্ত কৃষকৰ মাজত শালি কঠীয়া বিতৰণ

নাওবৈচা, ৬ আগষ্ট :পাভ আৰু বোকানদীৰ ধাৰাবাহিক বানত নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম নাওবৈচা ১০/১৫ খন গাঁৱৰ শ-শ দৰিদ্ৰ কৃষক পৰিয়ালৰ ঘৰ-বাৰী নিঃশেষ হোৱাৰ পিছত অঞ্চলটোলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে যদিও দৰিদ্ৰ কৃষকসকলৰ শস্য পথাৰসমূহ বালি আৰু পলসময় কৰি তোলাত অনাগত ভবিষ্যতক লৈ শংকিত হৈ পৰিছে । নদীখনৰ বানত সৰ্বহাৰা হোৱা এইসকল কৃষকে যাতে কমকৈ হ'লেও অকণমান কৃষিভূমিত শালিখেতি কৰি পৰিয়াল পোহ-পাল দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অগপ ৰাজ্যিক সম্পাদক জয়ন্ত খাউণ্ডে কৃষকসকলৰ মাজত উন্নত জাতৰ শালি ধানৰ কঠীয়া বিতৰণ কৰে ।

নাওবৈচাৰ বানবিধস্ত কৃষকৰ মাজত শালি কঠীয়া বিতৰণ

আজি অগপৰ নেতাগৰাকীয়ে অঞ্চলটোৰ বলমা,বিষ্ণুপুৰ,সোণাপুৰ গাঁৱৰ তিনি শতাধিক কৃষকৰ মাজত শালি ধানৰ কঠীয়াসমূহ বিতৰণ কৰে । সৰ্বহাৰা কৃষকসকলে যাতে আঘোন মাহত এমুঠি শস্য ছপাব পাৰে তাৰবাবে প্ৰয়োজনীয় সকলো সুবিধা আগবঢ়াব বুলি নেতাগৰাকীয়ে আশ্বাস দিয়ে ।

নাওবৈচাৰ বানবিধস্ত কৃষকৰ মাজত শালি কঠীয়া বিতৰণ

লগতে পঢ়কঃবৰহোলাত আটক ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details