নাওবৈচা, ১৩ অক্টোবৰ: আগন্তুক ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কেইবাখনো ন ন আঁচনিৰ ঘোষণা কৰে। ৰাজ্য চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনি ৰূপায়ণক লৈ মঙলবাৰে নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ ফুলবাৰী পঞ্চায়তৰ কাৰ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। নাওবৈচাত আঁচনিখন সঠিকভাৱে ৰূপায়ণৰ ক্ষেত্ৰত খোদ বি জে পিৰ দলৰ একাংশ নেতাই বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।
আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত তিনি শতাধিক হিতাধিকাৰীয়ে পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত কৰা বিজেপিৰ নেতা-পালিনেতাৰ বিৰুদ্ধে গৰজি উঠে। ইন্দেশ্বৰ বৰাৰ নেতৃত্বত ফুলবাৰী পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক খেলি-মেলি হোৱাৰ অভিযোগ উত্থাপন কৰে।আনহাতে প্ৰতিবাদ কৰিবলৈ অহা মহিলাসকলক বুজনি দিবলৈ অহা বিজেপিৰ নেতা ইন্দেশ্বৰ বৰাক মহিলাসকলে শাৰীৰিকভাৱে অপদস্থ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।