অসম

assam

By

Published : Feb 26, 2021, 2:28 PM IST

ETV Bharat / state

নাওবৈচাৰ এটি দুৰ্ভগীয়া কিশোৰ !

এডাল বাঁহৰ লাখুটিয়ে এতিয়া সাৰথি হৈ পৰিছে লখিমপুৰ জিলাৰ নাওবৈচাৰ 12বছৰ বয়সৰ প্ৰণৱৰ ৷ এটা বছৰ পূৰ্বে প্ৰণৱৰ বাঁও ভৰিখন কোনো কাৰণ নোহোৱাকৈ অকামিলা হৈ পৰাত ঘোৰ অমানিশা নামি আহিছে পৰিয়ালটোলৈ ৷

নাওবৈচাৰ এটি দুৰ্ভগীয়া কিশোৰ !
নাওবৈচাৰ এটি দুৰ্ভগীয়া কিশোৰ !

নাওবৈচা,26 ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ নাওবৈচাত বিগত এটা বছৰে এডাল বাঁহৰ লাখুটিৰ সহায়ত বহু কষ্টৰে দিন অতিবাহিত কৰিছে এটি দুৰ্ভগীয়া কিশোৰে ৷ কিশোৰটিৰ নাম প্ৰণৱ নাথ ৷ বয়স ১২ বছৰ ৷ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগঞা গেন্ধালী গাঁৱৰ ভদ্ৰ নাথ আৰু কবিতা নাথৰ একমাত্ৰ পুত্ৰ প্ৰণৱ নাথ ৷ অষ্টম শ্ৰেণীত অধ্যয়নৰত প্ৰণৱ নাথ এটা বছৰৰ পূৰ্বে আন কিশোৰৰ দৰে স্বাভাৱিক আছিল ।

লগৰ সমনীয়াৰ সৈতে খেলা-ধুলা কৰি সি বিদ্যালয়লৈয়ো গৈছিল । পঢ়া শুনাত অত্যন্ত চোকা প্ৰণৱ নাথৰ জীৱনলৈ হঠাৎ নামি আহিল ঘোৰ অন্ধকাৰ । স্বাভাৱিক কিশোৰৰ দৰে থকা প্ৰণৱৰ বাঁও ভৰিখন কোনো কাৰণ নোহোৱাকৈ অকামিলা হৈ পৰিল ।

দুখৰ বিষয় এই যে প্ৰণৱৰ দেউতাক মানসিক ৰোগী হোৱাৰ বাবে কেইবাবছৰৰ পূৰ্বে মাকে প্ৰণৱক দেউতাকৰ সৈতে এৰি অন্য এজনলৈ বিয়া হৈ গুচি যায় । উপাইবিহীন প্ৰণৱে অৱশেষত ককাক আইতাকৰ আশ্ৰয়ত থাকিবলৈ লয় । দৰিদ্ৰ ককাক আইতাকৰো কোনো সামৰ্থ নাই প্ৰণৱক চিকিৎসা কৰাৰ । আৰ্থিক দৈন্যতাই কোঙা কৰা ককাক-আইতাকে ডাক্টৰী চিকিৎসাৰ পৰিৱৰ্তে বেজ-বেজালিহে আশ্ৰয় লৈছে । বেজ-বেজালিৰ আশ্ৰয় লোৱাত দিনক দিনে প্ৰণৱৰ বাওঁ ভৰিখন বেছিকৈহে অকামিলা হৈ গৈ আছে ।

বৰ্তমান প্ৰণৱে বহু যন্ত্ৰণাৰে এডাল বাঁহৰ লাখুটিৰ সহায়তহে চলাচল কৰিছে যদিও উপযুক্ত চিকিৎসা লাভ কৰা নাই । দৰিদ্ৰতাই কোঙা কৰা অসহায় ককাক-আইতাকেও প্ৰণৱৰ এই যন্ত্ৰণাময় অৱস্থাটো চাই নীৰৱে চকুলো টুকিব লগাত পৰিছে । এতিয়া দুৰ্ভগীয়া ককাক আইতাক আৰু প্ৰণৱে সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰ আৰু স-হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে ৷
লগতে পঢ়কঃচিৰাঙত আছাৰ মটৰ ছাইকেল ৰেলী

ABOUT THE AUTHOR

...view details